নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৮টাকৈ আগ্নেয় অস্ত্র চুৰি কৰি ৰঙাঘৰত আৰক্ষী বিষয়া

নিয়মীয়া বার্তা, ২৪ জানুুৱাৰীঃ পশ্চিমবংগৰ লালগড় আৰক্ষী থানাত সাধাৰণ নাগৰিকে অনুজ্ঞাপত্রৰ বিপৰীতে থকা বহু আগ্নেয়স্ত্র জমা ৰাখিছিল৷ এই আগ্নেয় অস্ত্রবোৰৰ ১৮টা চুৰি কৰিছে থানাখনৰ এগৰাকী আৰক্ষী উপ–পৰিদর্শকে৷

ঝাৰগ্রাম জিলাৰ আৰক্ষী অধীক্ষক অমিতকুমাৰ ভাৰত ৰাথোড়ে এই কথা সদৰী কৰাৰ লগে লগে সমগ্র ৰাজ্যখনত সৃষ্টি হৈছে চাঞ্চল্য৷ অভিযুক্ত আৰক্ষী উপ–পৰিদর্শক টাৰাপদ টুডুক ইতিমধ্যে গ্রেপ্তাৰ কৰা হৈছে৷ ঝাৰগ্রামৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে অভিযুক্ত বিষয়াজনক পাঁচদিনলৈ আৰক্ষীৰ জিম্মাত দিছে৷

উল্লেখনীয় যে এই ভয়াৱহ অপৰাধত সহযোগিতা আগবঢ়োৱাৰ অভিযোগত আৰক্ষীয়ে ৰাষ্ট্রীয় স্বেচ্ছাসেৱক বাহিনী (এনভিচি)ৰ জোৱান লক্ষ্মীৰাম ৰাণা আৰু দুজন গঞা সুধাংশু সেনাপতি (৭৫) তথা তেওঁৰ পুত্র দিলীপ সেনাপতিকো (৫২) আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছে৷ আইন–শৃংখলাজনিত সমস্যাৰ বাবে লালগড় থানাত স্থানীয় লোকসকলে অনুজ্ঞাপত্রৰ বিপৰীতে লাভ কৰা আগ্ণেয় অস্ত্র জমা ৰাখিছিল৷

You might also like