১৮ মাহত আফগানিস্তান এৰিব আমেৰিকান সেনাই
২৯ ফেব্রুৱাৰীত তালিবানৰে হোৱাইট হাউছৰ ঐতিহাসিক শান্তি চুক্তিৰ প্রস্তুতি
নিয়মীয়া বাৰ্তা ১৭ ফেব্ৰুৱাৰীঃ আমেৰিকা আৰু আফগান তালিবানৰ মাজত চলিত মাহৰ শেষৰফালে স্বাক্ষৰ হ’ব এক শান্তি চুক্তি৷ এই শান্তি চুক্তিৰ অধীনত এসপ্তাহৰ যুদ্ধবিৰতি পালন কৰিব উভয় পক্ষই৷ যুদ্ধবিৰতিৰ সময়ছোৱাতেই তালিবান নেতৃত্বৰ সৈতে আমেৰিকান কূটনীতিকে যুদ্ধ–সংঘর্ষজর্জৰ্ দেশখনৰ পৰিস্থিতিলৈ শান্তি কঢ়িয়াই অনাৰ প্রচেষ্টা চলাব আলোচনাৰ মাজেৰে৷ প্রস্তাৱিত চুক্তি অনুসৰি আগন্তুক ১৮ মাহৰ ভিতৰত আফগানিস্তানৰ পৰা প্রত্যাৱর্তন কৰিব আমেৰিকান সেনাই৷ শেহতীয়াকৈ ৱাশ্বিংটন তথা তালিবানৰ সূত্রই সদৰী কৰিছে এই তথ্য৷ যদি এই চুক্তি কার্যকৰী হয়, তেন্তে আফগানিস্তানত ১৮ বছৰীয়া ৰক্তক্ষয়ী যুদ্ধৰ অৱসানৰ বাবে শান্তিৰ পথ মুকলি হ’ব৷ স্মর্তব্য যে ২০১১ চনৰ ১১ ছেপ্ঢেম্বৰত আমেৰিকাৰ হূৎপিণ্ডস্বৰূপ বিশ্ব বাণিজ্য কেন্দ্র আৰু পেণ্টাগনত আল–কায়দাই আত্মঘাতী আক্রমণ চলাইছিল৷ এই আল–কায়দাৰ নেতৃত্বক আশ্রয় দিয়া বাবেই আফগানিস্তানৰ তালিবানৰ বিৰুদ্ধে সামৰিক অভিযান আৰম্ভ কৰিছিল আমেৰিকাই৷ আমেৰিকাৰ এই অভিযানত অংশগ্রহণ কৰিছিল কেইবাখনো দেশৰ সেনাই৷ পাৰস্য উপ–সাগৰীয় ৰাষ্ট্র কাটাৰত আমেৰিকা আৰু তালিবানৰ মাজত এতিয়াও চলি আছে আলোচনা৷ আগন্তুক ২৯ ফেব্রুৱাৰীত উভয় পক্ষই শান্তি চুক্তিত স্বাক্ষৰ কৰাৰ বাবে সহমত পোষণ কৰিছে৷ উল্লেখনীয় যে মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে ভাৰত ভ্রমণ সামৰি তালিবানৰ সৈতে হোৱা এই চুক্তিৰ সময়ত আফগানিস্তানত উপস্থিত হোৱাৰ সম্ভাৱনা আছে৷ মাজতে তালিবানৰ সৈতে আমেৰিকাৰ শান্তি আলোচনা বিঘ্ণিত হৈছিল যদিও চলিত বর্ষৰ আৰম্ভনিতে এই আলোচনা পুনৰ সজীৱ হৈ পৰে৷ যদি শান্তি চুক্তিত উভয়পক্ষই স্বাক্ষৰ কৰে, তেন্তে তালিবান আৰু আফগানিস্তান চৰকাৰৰ মাজত ১০ মার্চত অনুষ্ঠিত হ’ব গুৰুত্বপূর্ণ আলোচনা৷ এই আলোচনাত মধ্যস্থতাকাৰী হিচাপে থাকিব আমেৰিকা৷