নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১ এপ্রিলৰ পৰা বৃদ্ধি পাব পেট্র’ল–ডিজেলৰ দাম

নিয়মীয়া বাৰ্তা, ২৯ ফেব্রুৱাৰীঃ পহিলা এপ্রিলৰ পৰা দেশত বৃদ্ধি পাব পেট্র’ল আৰু ডিজেলৰ দাম ৷ ইণ্ডিয়ান অইল কর্প’ৰেচন চমুকৈ আই অ’ চিয়ে আজি এই কথা জানিবলৈ দিছে৷ আই অ’ চিৰ পেট্র’ল পাম্পসমূহত নিম্ন নির্গমনযুক্ত বি এছ ভি আই ইন্ধন যোগান ধৰিবলৈ সাজু হৈছে৷ যাৰ বাবে তেলৰ সর্ববৃহৎ যোগানকাৰী সংস্থাটোৱে ৰিফাইনেৰীসমূহৰ ল’–ছালফাৰ ডিজেল আৰু পেট্র’ল উৎপাদনৰ বাবে ১৭ হাজাৰ কোটি টকা বিনিয়োগ কৰিব৷ আই অ’ চিৰ চেয়াৰমেন সঞ্জীৱ সিঙে এই কথা জানিবলৈ দিয়ে ৷ তেওঁ কয় যে অহা ১ এপ্রিলৰ পৰা নিশ্চিতভাৱে ইন্ধনৰ খুচুৰা মূল্য বৃদ্ধি পাব৷ অৱশ্যে এই মূল্যবৃদ্ধিয়ে গ্রাহকক অতি বেছি বোজা নিদিয়ে বুলি সিঙে কয়৷

You might also like