নিয়মীয়া বাৰ্তা, ২৩ জানুৱাৰীঃ মঙলবাৰে দিল্লী বিধানসভা নির্বাচনৰ বাবে মনোনয়ন দাখিলৰ সময়ত ৰাজ্যখনৰ মুখ্যমন্ত্রী তথা আম আদমী পার্টী (আপ)ৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে শপতনামাত নিজৰ সম্পত্তিৰ তথ্য ঘোষণা কৰিছে৷
২০১৫ৰ পৰা আপ মুৰব্বীগৰাকীৰ সম্পদ বৃদ্ধি পাইছে ১.৩ কোটি টকা৷ শপতনামাত ঘোষণা কৰা অনুসৰি, কেজৰিৱালৰ স্থাৱৰ–স্থাৱৰ সম্পত্তিৰ মূল্য হৈছে ৩.৪ কোটি টকা৷ ২০১৫ত কেজৰিৱালৰ সম্পদৰ মূল্য আছিল ২.১ কোটি টকা৷
শপতনামাত উল্লেখ কৰা অনুসৰি, এই সময়ছোৱাত কেজৰিৱালৰ পত্নী সুনীতাৰ নগদ তথা ফিক্সড ডিপ’জিট বৃদ্ধি পাইছে ১৫ লাখৰ পৰা ৫৭ লাখলৈ৷ উল্লেখনীয় যে চাকৰিৰ পৰা স্বেচ্ছাই অৱসৰ গ্রহণৰ সময়ত সুনীতাই ৩২ লাখ টকা নগদ লাভ কৰিছিল৷ আগন্তুক ৮ ফেব্রুৱাৰীত অনুষ্ঠিত হ’ব দিল্লী বিধানসভা নির্বাচন৷