নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০১৯ চনত ৪৫ হাজাৰ লোকক বিভিন্ন গোচৰত গ্রেপ্তাৰ আৰপিএফৰ

নিয়মীয়া বার্তা, ৯ জানুৱাৰীঃ ২০১৯ বর্ষত চলন্ত ৰে’লৰ চেইন টনা ঘটনাত ৪৫ হাজাৰতকৈও অধিক লোকক ৰে’লৱে প্রটেকচন ফ’চ চমুকৈ আৰ পি এফে গ্রেপ্তাৰ কৰিছে৷ ৰে’লৱে বিভাগে প্রকাশ কৰা তথ্যৰ ভিত্তিত এই কথা জানিব পৰা গৈছে৷

যোৱা বর্ষত এনেদৰে চলন্ত ৰে’লত চেইন টনা ঘটনা সংঘটিত হয় ৫৫,৩৭৩বাৰ৷ আৰ পি এফৰ সঞ্চালকপ্রধান অৰুণ কুমাৰে কালি এই তথ্য প্রকাশ কৰি জানিবলৈ দিয়ে যে ৰে’ললৈ শিল দলিওৱা ঘটনাত ৪ শতাধিক ব্যক্তিক গ্রেপ্তাৰ কৰা হয়৷

উল্লেখ্য যে ৰে’লত চেইন টনা ঘটনাত গ্রেপ্তাৰ হোৱা ৪৫,৭৮৪জন ব্যক্তিৰ ভিতৰত ৪৩,৯৫১জনক অভিযুক্ত কৰা হয়৷ আৰ পি এফে জনোৱা মতে এনেদৰে চেইন টনা ঘটনাত যোৱা বর্ষত প্রভাৱিত হয় ৪৬,২২৩খন ৰে’ল৷

১০০০তকৈও অধিক ৰে’ললৈ শিল দলিওৱা ঘটনা সংঘটিত হয় ২০১৯ বর্ষত৷ এই ঘটনাসমূহৰ ওপৰত ৬৫৯টা গোচৰ ৰুজু হোৱাৰ বিপৰীতে গ্রেপ্তাৰ হয় ৪০৪জন লোক৷

You might also like