২০২১ৰ নির্বাচনৰ পূর্বে দুখীয়ালৈ প্রতিশ্রুতিৰে মমতাৰ বাজেট
নিয়মীয়া বাৰ্তা ১১ ফেব্ৰুৱাৰীঃ পশ্চিমবংগৰ মমতা বেনার্জী নেতৃত্বাধীন তৃণমূল কংগ্রেছ চৰকাৰে আজি বিধানসভাত উত্থাপন কৰিছে আগন্তুক বিত্তীয় বর্ষৰ বাবে ৰাজ্যখনৰ সাধাৰণ বাজেট৷ ২০২১ চনত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নির্বাচনৰ প্রতি লক্ষ্য ৰাখি এই বাজেটখনৰ জৰিয়তে ৰাজ্যখনৰ দুখীয়া জনসাধাৰণৰ বাবে বিভিন্ন অভিলাষী আঁচনিৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্রীগৰাকীয়ে৷ এই বাজেটখনত চর্ত সাপেক্ষে দুখীয়া গ্রাহকসকলক বিনামূলীয়া বিদ্যুৎ যোগান ধৰাৰ প্রতিশ্রুতি দিয়াৰ উপৰি চাহ বাগিচাৰ স্থায়ী কর্মীসকলৰ বাবে গৃহ আঁচনিৰ কথাও ঘোষণা কৰিছে মুখ্যমন্ত্রীগৰাকীয়ে৷ ইয়াৰ উপৰি আগন্তুক তিনি বছৰৰ ভিতৰত ৰাজ্যখনত শতাধিক অতি ক্ষুদ্র, ক্ষুদ্র আৰু মধ্যমীয়া প্রতিষ্ঠানৰ বাবে পার্ক স্থাপনৰ কথাও ঘোষণা কৰিছে চৰকাৰে৷ এই এমএছএমই পার্কবোৰে ক্ষুদ্র তথা মজলীয়া ব্যৱসায়ী আৰু উদ্যোগী সকললৈ নতুন প্রেৰণা আগবঢ়াব বুলি বিত্তমন্ত্রী অমিত মিত্রই ঘোষণা কৰিছে৷