নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০২৩ৰ আৰম্ভণিতে ফিলিপাইনছক ব্রাহ্ম’ছ ক্ষেপণাস্ত্র প্রদান কৰিব ভাৰতে

নিয়মীয়া বাৰ্তা, ৩০ আগষ্ট: দক্ষিণ চীন সাগৰত নিজৰ আধিপত্য প্রতিষ্ঠাৰ বাবে বিভিন্ন পদক্ষেপ গ্রহণ কৰিছে চীনে৷ ফলত ফিলিপাইনছসহ কেইবাখনো দেশৰ সৈতে সীমান্তত বিবাদ আৰম্ভ হৈছে চীনৰ৷ এনে পৰিস্থিতিত বেইজিং প্রশাসনৰ ওপৰত চাপ বৃদ্ধি কৰিবলৈ ভাৰতে ফিলিপাইনছক অত্যাধুনিক ব্রাহ্ম’ছ ক্ষেপণাস্ত্র যোগান ধৰাৰ সিদ্ধান্ত লৈছে৷ স্মর্তব্য যে ৰাছিয়া আৰু ভাৰতৰ যৌথ উদ্যোগত নির্মাণ কৰা হৈছে এই ব্রাহ্ম’ছ ক্ষেপণাস্ত্র৷ শব্দতকৈও তিনিগুণ অধিক গতিসম্পন্ন এই ক্ষেপণাস্ত্রই প্রতি ছেকেণ্ডত ১ কিলোমিটাৰ পথ অতিক্রম কৰিব পাৰে৷ যিকোনো লক্ষ্যবস্তুত ৯৯.৯৯ শতাংশ নিখুঁত আঘাত হানিবলৈ সক্ষম ব্রাহ্ম’ছ ক্ষেপণাস্ত্র৷ ২০২৩ চনৰ আৰম্ভণিতে এই ক্ষেপণাস্ত্র ভাৰতে প্রেৰণ কৰিব ফিলিপাইনছলৈ৷ ইতিমধ্যে এই ক্ষেপণাস্ত্র ক্রয়ৰ ক্ষেত্রত ফিলিপাইনছৰ সৈতে নতুন দিল্লীৰ এক চুক্তি স্বাক্ষৰ হৈছে৷

You might also like