নিয়মীয়া বাৰ্তা, ২৪ অক্টোবৰ: অতিমাৰী ক’ৰোনাৰ জোৱাৰৰ পাছত অৱশেষত সাজু হৈছে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰ’৷ আগন্তুক বর্ষৰ জুন মাহৰ ভিতৰতে চন্দ্রৰ উদ্দেশ্যে প্রেৰণ কৰা হ’ব চন্দ্রযান–৩৷ অর্থাৎ হাতত আছে আৰু মাত্র আঠ মাহ সময়৷ আটাইতকৈ গধুৰ ৰকেটৰ সফল উৎক্ষেপণৰ পাছত চন্দ্রাভিযান সন্দর্ভত সুখবৰ দিলে ইছৰ’ৰ মুৰব্বী ড০ এছ সোমনাথে৷
চন্দ্রযান–২ৰ অভিযান সফল নহ’লেও নিৰাশ হোৱা নাছিল ইছৰ’৷ ইয়াৰ পাছতেই চন্দ্রাভিযানৰ প্রস্তুতি আৰম্ভ কৰি দিয়ে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাটোৱে৷ প্রথমতে ২০২০ চনত চন্দ্রৰ উদ্দেশ্যে চন্দ্রযান–৩ প্রেৰণ কৰাৰ সিদ্ধান্ত লোৱা হৈছিল৷ কিন্তু ক’ভিড অতিমাৰীৰ বাবে প্রস্তুতিত বিলম্ব ঘটে৷ নতুনকৈ লক্ষ্য স্থিৰ কৰিবলগীয়া হয়৷ ইয়াৰ পাছত ২০২১ চনৰ আগষ্ট মাহৰ ভিতৰত চন্দ্রযান–৩ৰ অভিযান আৰম্ভ হ’ব বুলি সংকল্প লৈছিল ইছৰ’ৱে৷ কিন্তু সেই লক্ষ্য পূৰণতো ব্যর্থ হয় মহাকাশ গৱেষণা সংস্থাটো৷
অৱশেষত ইছৰ’ৰ মুৰব্বীয়ে উল্লেখ কৰিছে যে চন্দ্রযান–৩ প্রেৰণ কৰা হ’ব ২০২৩ চনৰ জুন মাহত৷ ইছৰ’ৰ মুৰব্বী ড০ এছ সোমনাথৰ মতে চন্দ্রযান–৩ প্রায় সম্পূর্ণ হৈ উঠিছে৷ চূড়ান্ত পৰীক্ষা–নিৰীক্ষাও চলোৱা হৈছে৷ কিন্তু কিছু সৰু সৰু পৰীক্ষা–নিৰীক্ষা এতিয়াও বাকী থকা বুলি সোমনাথে উল্লেখ কৰিছে৷ গতিকে ২০২৩ চনৰ জুন মাহলৈকে সময় নির্ধাৰণ কৰি লৈছে মহাকাশ গৱেষণা সংস্থাটোৱে৷ চন্দ্রযান–২ৰ অভিযানতকৈ চন্দ্রযান–৩ৰ অভিযান ত্রুটিমুক্ত হ’ব বুলি আশা কৰিছে ইছৰ’ৱে৷ এতিয়া মাথোঁ প্রতীক্ষাহে৷