নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০২৪ ত সম্পূর্ণ বিদ্যুতীকৰণ হ’ব ৰে’লৱে

নিয়মীয়া বাৰ্তা, ২৮ জানুৱাৰীঃ কেন্দ্রীয় চৰকাৰে ২০২৪ চনৰ ভিতৰত ৰে’লৱে বিভাগক সম্পূর্ণৰূপে বিদ্যুতীকীকৰণ কৰাৰ লক্ষ্য নির্ধাৰণ কৰিছে৷ কেন্দ্রীয় বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীয়ূষ গোৱেলে কালি সাংবাদিকৰ আগত কয়– ‘পৰিৱেশক লৈ আমি অত্যন্ত সচকিত আৰু দায়িত্বশীল৷’ ২০৩০ চনৰ ভিতৰত ৰে’লৱে নেটৱর্ক শূন্য নির্গমন নেটৱর্ক হিচাপে গঢ়ি তুলিবলৈ প্রতিশ্রুতিবদ্ধ বুলিও মন্ত্রীজনে কয়৷ ‘আমি ২০২৪ চনৰ ভিতৰত ৰে’লৱে নেটৱর্ক সম্পূর্ণ বিদ্যুতীকৰণ কৰিবলৈ দ্রুতভাৱে কাম আৰম্ভ কৰিছোঁ৷ আমি আশা কৰোঁ এই কামখিনি নির্ধাৰিত সময়ৰ ভিতৰত সম্পূর্ণ হ’ব৷’ ভাৰত–ব্রাজিল বাণিজ্য সন্মিলনৰ সময়ত মন্ত্রী গোৱেলে এইদৰে কয়৷

উল্লেখ্য যে আমেৰিকা, ৰাছিয়া আৰু চীনৰ পাছতে বিশ্বৰ চতুর্থ বৃহৎ ৰে’লৱে নেটৱর্ক আছে ভাৰতত৷ দেশখনৰ ৰে’লপথৰ দৈর্ঘ্য হ’ল ৬৭,৩৬৮ কিলোমিটাৰ আৰু ষ্টেচনৰ সংখ্যা হ’ল প্রায় ৭,৩০০৷

You might also like