নিয়মীয়া বাৰ্তা, ১৭ জানুৱাৰীঃ ২২ জানুবাৰীত নহয় নিৰ্ভয়া কাণ্ডৰ চাৰি অপৰাধীৰ ফাঁচি। এতিয়ালৈকে নির্ভয়াৰ ৪ হত্যাকাৰীৰ আবেদন তিনিবাৰকৈ খাৰিজ কৰা হৈছে ৷ নিম্ন আদালত, উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়ত ফাঁচিৰ ৰায়ৰ বিৰুদ্ধে কৰা আবেদন নাকচ হোৱাৰ পিছত পুনৰীক্ষণৰ আবেদনো খাৰিজ হয় ৷ নির্ভয়াৰ লোমহর্ষক হত্যাকাণ্ডত জড়িত এই চাৰি অপৰাধীয়ে সামান্যতমো অনুশোচনা প্রকাশ নকৰি এটা অভিযুক্তই কিউৰেটিং পিটিচনো দাখিল কৰিছিল, যি আবেদনো উচ্চ ন্যায়ালয়ত নাকচ হয় ৷ কেন্দ্রীয় গৃহ মন্ত্রালয়ে নিশ্চিত কৰিছে যে নির্ভয়া কাণ্ডৰ অন্যতম অভিযুক্ত মুকেশ সিঙে জনোৱা ক্ষমা ভিক্ষাৰ আবেদন কেন্দ্রীয় গৃহ বিভাগে লাভ কৰাৰ পিছত এই আবেদন ৰাষ্ট্রপতি ৰাম নাথ কোৱিন্দলৈ প্রেৰণ কৰা হয় আৰু ৰাষ্ট্ৰপতিয়ে মুকেশ সিঙৰ ক্ষমা আৱেদন নাকচ কৰে
আনহাতে মুকেশৰ ক্ষমা ভিক্ষাৰ আবেদন নাকচ কৰে দিল্লীৰ উপ–ৰাজ্যপাল অনিল বাজাজে ৷ আনহাতে, নির্ভয়া কাণ্ডৰ অপৰাধী মুকেশে দিল্লীৰ ন্যায়ালয়ত ক্ষমা ভিক্ষাৰ আবেদন দাখিল কৰাৰ পিছত আদালতে পূর্বতে নির্ধাৰণ কৰা ফাঁচিৰ তাৰিখত স্থগিতাদেশ জাৰি কৰিছে ৷ তিছ হাজাৰী ক’টৰ ন্যায়াধীশে কয় যে ন্যায়ালয়ে কেৱল মৃত্যুৰ তাৰিখক লৈহে বিবেচনা কৰি আছে, শাস্তিক লৈ নহয় ৷