২৬ জানুৱাৰীৰ ট্রেক্টৰ সমদলৰ প্রস্তুতি কৃষকৰ
আইন বাতিলৰ দাবীত অটল কৃষকঃ কেন্দ্রৰে দশমলানি আলোচনাও ব্যর্থ
নিয়মীয়া বাৰ্তা ২১ জানুৱাৰীঃ তিনি কৃষি আইন বাতিলৰ দাবীত দিল্লী সীমান্তত প্রতিবাদ সাব্যস্ত কৰি থকা বিভিন্ন কৃষক সংগঠনৰ নেতৃত্বৰে কেন্দ্রীয় মন্ত্রী নৰেন্দ্র সিং টোমৰ আৰু পীয়ূষ গোৱেল আজি দশমলানি আলোচনাত মিলিত হয় যদিও পূর্বৰ দৰে কোনো সিদ্ধান্ত অবিহনেই অন্ত পৰে এই আলোচনা৷ কৃষক সংগঠনৰ নেতৃত্বই তিনিওখন আইন বাতিলৰ দাবীত অটল হৈ থকাৰ বিপৰীতে দুয়োগৰাকী মন্ত্রীয়ে আইন তিনিখনৰ সংশোধনীৰ প্রস্তাৱ আগবঢ়ায়৷ লক্ষণীয়ভাৱে কৃষকৰ উৎপাদিত সামগ্রীৰ নূ্যনতম সমর্থন মূল্য (এমএছপি)ৰ বিষয়টোক আইনী নিশ্চয়তা প্রদান কৰাৰ পৰাও আঁতৰি থাকে কেন্দ্রীয় চৰকাৰ৷ অৱশ্যে ২২ জানুৱাৰীত পুনৰ প্রতিবাদী কৃষক সংগঠনৰ নেতৃবৃন্দই চৰকাৰৰ সৈতে আলোচনাত মিলিত হ’ব বুলি সন্মতি প্রকাশ কৰিছে৷ ইফালে ২৬ জানুৱাৰীত কৃষকে প্রস্তাৱিত ট্রেক্টৰ সমদলৰ বাবে ইতিমধ্যে প্রস্তুতি আৰম্ভ কৰিছে৷ হাৰিয়ানা আৰু পঞ্জাবৰ পৰা কেইবাহাজাৰো কৃষকে ট্রেক্টৰ লৈ দিল্লী অভিমুখে যাত্রা আৰম্ভ কৰিছে৷ স্মর্তব্য যে উচ্চতম ন্যায়ালয়ে কৃষকৰ প্রস্তাৱিত ট্রেক্টৰ সমদলত কোনোধৰণৰ বাধা প্রদান কৰাৰ নির্দেশ নিদিয়ে বুলি ইতিমধ্যে স্পষ্ট কৰি দিছে৷ কেন্দ্রীয় চৰকাৰ আৰু দিল্লী আৰক্ষীক এই সন্দর্ভত সিদ্ধান্ত গ্রহণ কৰিবলৈও শীর্ষ আদালতখনে আহ্বান জনাইছে৷ উচ্চতম ন্যায়ালয়ৰ আহ্বানমর্মেই গণৰাজ্য দিৱসত প্রতিবাদী কৃষকৰ প্রস্তাৱিত ট্রেক্টৰ সমদল বন্ধ কৰাৰ নির্দেশ দিবলৈ জনোৱা আবেদন আজি কেন্দ্রীয় চৰকাৰেই উঠাই দিছে৷ শীর্ষ আদালতখনে এই বিষয়টো আইন–শৃংখলাৰ অধীনত থকা বুলি উল্লেখ কৰি ইয়াৰ বাবে দিল্লী আৰক্ষী আৰু কেন্দ্রীয় চৰকাৰক যাৱতীয় ব্যৱস্থা গ্রহণ কৰাৰ নির্দেশ দিছে৷ ইফালে উচ্চতম ন্যায়ালয়ৰ দ্বাৰা গঠিত কমিটীয়ে কৃষক আৰু চৰকাৰৰ মাজত চলি থকা বিবাদৰ নিষ্পত্তি ঘটোৱাৰ ব্যৱস্থা গ্রহণ কৰিব লাগে বুলিও আজি ন্যায়ালয়ে আহ্বান জনাইছে৷