নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২ মে’ৰ পৰা তিনিদিনীয়া ইউৰোপ ভ্রমণ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ

নিয়মীয়া বাৰ্তা, ১ মেঃ চলিত বর্ষত প্রথমটো বিদেশ ভ্রমণ হিচাপে ২ মে’ৰ পৰা তিনিদিনীয়া কার্যসূচীৰে ইউৰোপলৈ যাব প্রধানমন্ত্রী নৰেন্দ্র মোদী৷ এই তিনিদিনীয়া ভ্রমণসূচীত প্রধানমন্ত্রী মোদীয়ে জার্মানী, ডেনমার্ক আৰু ফ্রান্সত ২৫খন বৈঠকত অংশগ্রহণ কৰাৰ লগতে ৮ বিশ্বনেতাক সাক্ষাৎ কৰিব৷ এই ভ্রমণতে ৫০টা কোম্পানীৰ মুৰব্বীৰ সৈতেও বৈঠকত মিলিত হ’ব প্রধানমন্ত্রীগৰাকী৷ তিনিখন দেশত ৬৫ ঘণ্টা সময় অতিবাহিত কৰিব৷ প্রথম দিনা প্রধানমন্ত্রীগৰাকীয়ে জার্মানীত উপস্থিত হৈ পৰৱর্তী দিনা ডেনমার্ক ভ্রমণ কৰিব৷ ওভতনি যাত্রাত ৪ মে’ত প্রধানমন্ত্রীগৰাকীয়ে ফ্রান্সত কেইবাটাও কার্যসূচীত অংশগ্রহণ কৰিব৷ এই তিনিদিনীয়া ভ্রমণৰ সময়ত প্রধানমন্ত্রীগৰাকীয়্ জার্মানী আৰু ডেনমার্কত এনিশাকৈ কটাব৷ মন কৰিবলগীয়া যে ৰাছিয়া আৰু ইউক্রেইনৰ মাজত চলি থকা যুদ্ধৰ সময়তে ইউৰোপৰ তিনি দেশ প্রধানমন্ত্রী মোদীয়ে ভ্রমণ কৰাটো তাৎপর্যপূর্ণ৷

You might also like