নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনাপিষ্ট অর্থনীতি পুনৰুদ্ধাৰৰ বাবে লাগিব ১৫ বছৰ

নিয়মীয়া বাৰ্তা, ১ মেঃ ক’ভিড–১৯ মহামাৰীৰ বাবে দেশৰ অর্থনীতি প্রায় বিধ্বস্ত হৈ যোৱাৰ পিছত ই পুনৰুজ্জীৱিত হোৱা বুলি কেন্দ্রীয় চৰকাৰে দাবী কৰিলেও ভাৰতীয় ৰিজার্ভ বেংকৰ প্রতিবেদনত ইয়াৰ বিপৰীত ছবি এখন পৰিস্ফুট হৈছে৷ আৰ বি আয়ে ২০২১–২২ বর্ষৰ মুদ্রা আৰু বিত্তীয় প্রতিবেদনত প্রকাশ কৰা মতে, ক’ৰোনাপিষ্ট ভাৰতীয় অর্থনীতি পুনৰুদ্ধাৰ হ’বলৈ ১৫ বছৰ লাগিব৷ এই প্রতিবেদনে ভাৰতীয় অর্থনীতিৰ ভয়াৱহ ছবি এখন দাঙি ধৰিছে৷

পুনৰুজ্জীৱিত আৰু পুনৰ গঠন শীর্ষক এই প্রতিবেদন মতে ক’ভিড লকডাউনৰ পিছত অর্থাৎ ক’ভিড মহামাৰী নিয়ন্ত্রণলৈ অহাৰ পিছত স্থায়ী পুনৰুদ্ধাৰ আৰু বিকাশৰ হাৰ বৃদ্ধি কৰাৰ বাবে বিভিন্ন পদক্ষেপ গ্রহণ কৰা হৈছে যদিও ই এতিয়াও সঠিক ৰূপে আগবঢ়া নাই৷ ক’ৰোনাপিষ্ট অর্থনীতি পুনৰুদ্ধাৰৰ বাবে আৰ বি আয়ে ৭টা গুৰুত্বপূর্ণ বিষয়ত গুৰুত্ব আৰোপ কৰিছে৷ এই ৭ বিষয়ত বিশেষ গুৰুত্ব দিবলৈ চৰকাৰক পৰামর্শ আগবঢ়াইছে৷

আৰ বি আইৰ মতে, চাহিদা বৃদ্ধি কৰিব লাগিব৷ ইয়াৰ অনুপাতে যোগান ব্যৱস্থাও সঠিক কৰিব লাগিব৷ বজাৰৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰাৰ লগতে আর্থিক ব্যৱস্থা স্থিৰ কৰিবলৈ গ্রহণ কৰা নীতিৰ সমন্বয়, উৎপাদনশীলতা আৰু প্রযুক্তি উন্নত কৰিব লাগিব৷ সংস্কাৰৰ লগতে এই সংস্কাৰক সঠিক ৰূপত বর্তাই ৰখাত গুৰুত্ব আৰোপ কৰিব লাগিব৷ সবাতোকৈ গুৰুত্বপূর্ণ যে আৰ বি আয়ে চৰকাৰৰ ব্যয় হ্রাস কৰিবলৈ পৰামর্শ আগবঢ়াইছে৷ কিয়নো ব্যয় বৃদ্ধি হ’লে ঋণৰ বোজা বর্ধিত হ’ব৷ যদি দেশৰ বিকাশৰ হাৰ সুৰক্ষিত কৰিব লাগে, তেতিয়াহ’লে চৰকাৰে ব্যয় হ্রাস কৰাত গুৰুত্ব প্রদান কৰিব লাগিব৷ চৰকাৰৰ ঋণৰ বোজা পৰৱর্তী পাঁচ বছৰৰ ভিতৰত দেশৰ মুঠ ঘৰুৱা উৎপাদনৰ ৬৬ শতাংশৰ তললৈ আনিব লাগিব৷

You might also like