নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৩১ জানুৱাৰীৰ পৰা সংসদৰ বাজেট অধিৱেশন

নিয়মীয়া বাৰ্তা ৩০ জানুৱাৰীঃ সংসদৰ বাজেট অধিৱেশন ৩১ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব। ১ ফ্ৰেব্ৰুৱাৰীত বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে লোক সভাত সাধাৰণ বাজেট উত্থাপন কৰিব। ৩১ জানুৱাৰীত ৰাষ্ট্ৰপতি ৰামনাথে কোৱিন্দে দুয়োখন সংসদক সম্বোধন কৰিব। ৩১ জানুৱাৰী দিনাই চৰকাৰে অৰ্থনৈতিক সমীক্ষা আগবঢ়াব। এই বাজেট অধিৱেশন দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব। বাজেটৰ প্ৰথম পৰ্যায় ৩১ জানুৱাৰী পৰা ১১ ফ্ৰেব্ৰুৱাৰী লৈকে আৰু দ্বিতীয় পৰ্যায়ত ২ মাৰ্চৰ পৰা ৩ এপ্ৰিললৈকে অনুষ্ঠিত হ’ব।
চৰকাৰে বাজেট অধিৱেশনত মুঠতে ৪৫ খন বিল উপস্থাপন কৰিব। ডেটা প্ৰটেকশ্বন বিলৰ লগেত কেইবাখনো গুৰুত্বপূৰ্ণ বিল সংসদত উত্থাপন কৰিব।
বাজেট সংসদৰ আৰম্ভণিতে পৰম্পৰা অনুসৰি চৰকাৰে বৃহস্পতিবাৰে দিনত সৰ্বদলীয় বৈঠকৰ আহ্বান কৰে। সংসদ ভৱনত অনুষ্ঠিত হোৱা এই বৈঠকত ২৬ টা দলে অংশ গ্ৰহণ কৰে। শিৱসেনাই এই বৈঠকত অংশ লোৱাৰ পৰা বিৰত থাকে । সৰ্বদলীয় বৈঠকত প্ৰধানমন্ত্ৰী মোডীয়ে অংশ গ্ৰহণ কৰে।
সৰ্বদলীয় বৈঠকৰ অন্তত সংসদীয় কাৰ্য মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে কয় যে চৰকাৰে এই অধিৱেশনত সকলো ধৰণৰ বিষয়ত চৰ্চা কৰিবলৈ সাজু। বিশেষকৈ বিশ্বৰ অৰ্থনৈতিক অৱস্থা আৰু ভাৰতে নিজে অৰ্থব্যৱস্থাক কেনেদৰে গতি প্ৰদান কৰিব, এই বিষয়ে চৰ্চা কৰা হ’ব। বিৰোধী দলক আহ্বান জনাই মন্ত্ৰী গৰাকীয়ে কয় যে বিৰোধীয়ে এই সন্দৰ্ভত নিজৰ ৰায় দিয়ক। যোশীয়ে লগতে কয় যে প্ৰধানমন্ত্ৰীয়ে বিৰোধী দলৰ প্ৰতিটো বিষয় গুৰুত্ব সহকাৰে শুনিছে আৰু বৈঠকৰ অন্তত প্ৰধানমন্ত্ৰী গৰাকীয়ে কয় যে বিৰোধীৰ প্ৰতিটো বিষয় গুৰুত্ব সহকাৰে গ্ৰহণ কৰা হ’ব।

You might also like