৩৫ বছৰীয়া যুৱকৰ আত্মহত্যা, কাৰণ জানিলে আচৰিত হ’ব আপুনি
নিয়মীয়া বাৰ্তা, ১৫ মেঃ হায়দৰাবাদত এজন ৩৫ বছৰীয়া লোকৰ আত্মহত্য়াৰ কাৰণ শুনিলে আচৰিত হ’ব আপুনি। পাৰিবাৰিক কন্দলৰ পৰিণতিত ভূৱন ৰেড্ডী নামৰ লোকজনৰ পত্নী গুছি গৈছিল নিজৰ ভনীয়েকৰ ঘৰলৈ। কিছুদিনৰ পাছত ভূৱন ৰেড্ডীয়ে পত্নীক ভনীয়েকৰ ঘৰৰ পৰা আনিবলৈ যোৱাত পুনৰ আহিবলৈ অমান্তি হয় পত্নী। সেই কথাতেই অন্তদ্বন্দত ভুগি আত্মহত্যাৰ পথ বাছি লয় লোকজনে। জুইত জাপ দি আত্মহত্যাৰ চেষ্টা চলায় লোকজনে কিন্তু সৌভাগ্যক্ৰমে ৰক্ষা পৰিল লোকজন। ইতিমধ্যে হাস্পতালত ভৰ্তি কৰোৱা হৈছে লোকজনক।