নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৩ মে’ পৰ্যন্ত বন্ধ থাকিব ৰে’লঃ উভতাই দিয়া হ’ব সংৰক্ষণৰ টকা

নিয়মীয়া বাৰ্তা, ১৪ এপ্ৰিলঃ ক’ৰোনা সংক্ৰমণ ৰোধৰ বাবে দেশজুৰি ৩ মে পৰ্যন্ত বাহাল থাকিব লকডাউন । মঙলবাৰে দেশবাসীক উদ্দেশ্য কৰি দিয়া ভাষণত এই কথা উল্লেখ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ।

এনে পৰিস্থিতিত দেশৰ সকলো যাত্ৰীবাহী ৰে’ল চলাচল ৩ মে’ পৰ্যন্ত বন্ধ থাকিব বুলি ঘোষণা কৰে ভাৰতীয় ৰে’লে । সমান্তৰালভাৱে সেই সময়সীমা পৰ্যন্ত ট্ৰেনৰ টিকট বুকিং বন্ধ হোৱাৰ লগতে ৩ তাৰিখ পৰ্যন্ত যিসকলে আগতীয়াকৈ বুকিং কৰি ৰাখিছিল সেইসকলৰ ধন ঘূৰাই দিয়া হ’ব ।

পৰৱৰ্তী নিৰ্দেশ নহা পৰ্যন্ত ২ মে’ৰ নিশালৈকে বন্ধ থাকিব সকলো যাত্ৰীবাহী ৰে’লৰ লগতে মেট্ৰ ট্ৰেইনসমূহো । পৰৱৰ্তী নিৰ্দেশ নহা পৰ্যন্ত কোনো ধৰণৰ সংৰক্ষণ অথবা অগ্ৰীম বুকিং সেৱাও ব্যাহত থাকিব বুলি উল্লেখ কৰে ।

You might also like