৪৩ হাজাৰ কোটিৰে ৰিলায়েঞ্চ জিঅ’ৰ ৯.৯৯ শতাংশ শ্বেয়াৰ ক্রয় ফেচবুকৰ
নিয়মীয়া বাৰ্তা, ২৩ এপ্ৰিলঃ ডিজিটেল প্লেটফর্মত নিজৰ স্থিতি দৃঢ় কৰি ফেচবুকে এইবাৰ ভাৰতত ব্যৱসায়িক সাম্রাজ্য বিস্তাৰৰ নতুন পদক্ষেপ লৈছে৷ ছ’চিয়েল মিডিয়াৰ প্রসাৰৰ জৰিয়তে মানুহৰ জীৱনশৈলী সলনি কৰি দিয়া মার্কিন প্রতিষ্ঠানটোৱে ভাৰতৰ ধনকুবেৰ মুকেশ আম্বানিৰ ৰিলায়েঞ্চ জি’ৰ সৈতে এক বৃহৎ চুক্তি সম্পাদন কৰিছে৷ এই চুক্তি অনুসৰি ফেচবুকে ৪৩,৫৭৪ কোটি টকাৰ (৫.৭ বিলিয়ন ডলাৰ) বিনিময়ত ৰিলায়েঞ্চ জি’ৰ ৯.৯৯ শতাংশ শ্বেয়াৰ ক্রয় কৰিছে৷
ফেচবুকৰ প্রতিষ্ঠাতা মার্ক জুকাৰবার্গে জানিবলৈ দিয়া মতে বিশ্বজুৰি ফেচবুকৰ গ্রাহকৰ সংখ্যা বঢ়োৱাৰ বাবেই জি’ৰ সৈতে এই চুক্তি স্বাক্ষৰ কৰা হৈছে৷ উল্লেখ্য যে বিশ্বত চীনৰ পাছতেই ফেচবুকত গ্রাহকৰ সংখ্যাৰ দিশৰ পৰা দ্বিতীয় স্থানত আছে ভাৰত৷ ফেচবুকৰ মেছেজিং এপ হোৱাটছএপত ভাৰতৰ ৪০ কোটিৰো অধিক গ্রাহক আছে৷ ফলত এই নতুন চুক্তিৰ জৰিয়তে ভাৰতৰ ডিজিটেল প্লেটফর্মত আমূল পৰিৱর্তন হ’ব বুলি অনুমান কৰা হৈছে৷ ৰিলায়েঞ্চৰ সৈতে এই চুক্তি ভাৰতৰ প্রযুক্তিৰ ক্ষেত্রত সর্বাধিক বিনিয়োগ হিচাপে পৰিগণিত হৈছে৷ এই চুক্তিৰ ফলত ফেচবুক এতিয়া ৰিলায়েঞ্চ জি’ৰ সর্ববৃহৎ অংশীদাৰ হিচাপে পৰিগণিত হ’ল৷
এই চুক্তি সন্দর্ভত ফেচবুকৰ স্বত্বাধিকাৰ জুকাৰবার্গে কয়– এই বিনিয়োগে ভাৰতৰ প্রতি ফেচবুকৰ দায়বদ্ধতাকে প্রতিফলিত কৰিছে৷ ৰিলায়েঞ্চ জি’ই ভাৰতত এক বৃহৎ পৰিৱর্তন সাধন কৰিছে আৰু ইয়াক লৈ আমি অত্যন্ত উৎসাহিত৷ চাৰি বছৰৰ ভিতৰত জি’ই ৩৮৮ নিযুততকৈও অধিক লোকক অনলাইন প্লেটফর্মলৈ আনি উদ্ভাৱন আৰু উদ্যোগক উৎসাহিত কৰিছে৷ আমি জি’ৰ জৰিয়তে ভাৰতত অধিক মানুহক সংযোজিত কৰিবলৈ দায়বদ্ধ৷ আজি এই চুক্তি সন্দর্ভত মন্তব্য কৰি ৰিলায়েঞ্চ জি’ৰ স্বত্বাধিকাৰ মুকেশ আম্বানিয়ে কয় যে ক’ৰোনা মহামাৰীৰ ফলত ভাগি পৰা অর্থনীতি সবল কৰাৰ ক্ষেত্রত এই বিনিয়োগে গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব৷
মুকেশ আম্বানিয়ে আৰু কয়– ৰিলায়েঞ্চে জি’ আৰম্ভ কৰাৰ সময়ত মই প্রতিগৰাকী ভাৰতীয় লোকৰ জীৱনৰ মান উন্নত কৰাৰ লগতে বিশ্বৰ শীর্ষস্থানীয় ডিজিটেল সমাজ হিচাপে ভাৰতক আগবঢ়াই নিয়াৰ সপোন দেখিছিলোঁ৷ মোৰ এই সপোনৰ অংশীদাৰ হিচাপে আগবাঢ়ি অহা ফেচবুকক আদৰণি জনাইছোঁ৷ তেওঁ আৰু কয় যে জি’ আৰু ফেচবুকৰ এই সম্পর্কই প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ ডিজিটেল ইণ্ডিয়াৰ সপোন পূৰণ কৰিব৷ ইফালে, ৰিলায়েঞ্চ জি’ৰ সৈতে চুক্তি সম্পন্ন কৰি ফেচবুকৰ মুখ্য কার্যবাহী বিষয়া তথা স্বত্বাধিকাৰ মার্ক জুকাৰবার্গে কয় যে এই বিনিয়োগৰ ফলত ভাৰতৰ মানুহে ব্যৱসায়ৰ অধিক সুযোগ লাভ কৰিব৷ উল্লেখ্য যে ফেচবুকৰ সৈতে জি’ৰ চুক্তিৰ ফলত ভাৰতত প্রায় ৬ কোটি ক্ষুদ্র ব্যৱসায়ীৰ বাবে সুযোগ সৃষ্টি হ’ব৷ আগৰ তুলনাত ভৱিষ্যতে ডিজিটেল অর্থ ব্যৱস্থা উন্নীতকৰণেৰে অধিক লাভান্বিত হ’ব৷ হোৱাটছএপ আৰু মেছেঞ্জাৰ সেৱাৰ সুযোগত গ্রাহকসকলৰ পৰা অর্ডাৰ আদি গ্রহণ কৰি তেনে লোকৰ ঘৰতে সামগ্রী যোগান ধৰাৰ সুযোগ পাব৷
২০১৬ চনত জি’ সেৱাৰ আৰম্ভণিৰ পাছত ফেচবুকৰ সৈতে ৰিলায়েঞ্চৰ আজি সম্পন্ন কৰা এই চুক্তিয়ে ভাৰতৰ ডিজিটেল প্লেটফর্মত গুৰুত্বপূর্ণ প্রভাৱ পেলোৱাটো কার্যতঃ নিশ্চিত হৈ পৰিছে৷ উল্লেখ্য যে জি’ৰ মুঠ সম্পত্তিৰ পৰিমাণ হ’ল ৬৫.৯৫ বিলিয়ন ডলাৰ৷