নিয়মীয়া বাৰ্তা, ১৭ এপ্ৰিলঃ ক’ভিড–১৯ মহামাৰীৰ সৈতে যুঁজি থকা বিশ্বৰ ৫০খন দেশলৈ ভাৰতে চিকিৎসাৰ বাবে প্রয়োজনীয় হাইড্র’ক্সিক্ল’ৰোকুইন টেবলেট প্রেৰণ কৰিব ৷ ভাৰতে ইতিমধ্যে বিভিন্ন দেশৰ পৰা এই ঔষধ ৰপ্তানিৰ বাবে অনুৰোধ লাভ কৰিছে৷ ইতিমধ্যে ভাৰতে আমেৰিকা, ব্রাজিল, স্পেইনকে ধৰি বহুকেইখন দেশলৈ হাইড্র’ক্সিক্ল’ৰোকুইন ৰপ্তানি কৰিছে আৰু মুঠ ৫০খন দেশলৈ এই ঔষধ প্রেৰণ কৰিব৷ দেশসমূহৰ ভিতৰত অন্যতম আনকেইখনমান দেশ হ’ল– আফগানিস্তান, ভূটান, বাংলাদেশ, নেপাল, মালদ্বীপ, শ্রীলংকা, ম্যানমাৰ, জাম্বিয়া, মাদাগাস্কাৰ, উগাণ্ডা, মালি, নিগাৰ, ইজিপ্ত, ফ্রান্স, দক্ষিণ আফ্রিকা, কলম্বিয়া, ইউএই, উৰুগুৱে, আলজেৰিয়া, ব্রিটেইন ৷