নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৫০০ বাৰ ‘ছ’ৰী’ লিখি ক্ষমা খুজিলে বিদেশী নাগৰিকে

নিয়মীয়া বাৰ্তা, ১৩ এপ্ৰিলঃ লক ডাউন উলংঘাকাৰী বিদেশী নাগৰিকক অভিনৱ শাস্তি প্ৰদান কৰি চৰ্চাৰ মাজলৈ আহিছে উত্তৰ প্ৰদেশৰ আৰক্ষী। লক ডাউনৰ নীতি-নিৰ্দেশনা উলংঘা কৰি হৃষীকেশৰ তপোবন অঞ্চলত ঘূৰি ফুৰা দহগৰাকী বিদেশী নাগৰিকক আৰক্ষীয়ে আটক কৰে। লক ডাউন কিয় মনা নাই সেই সন্দৰ্ভত প্ৰশ্ন কৰাত দহখন দেশৰ বিদেশী নাগৰিক কেইজনে তেওঁলোকে এই সন্দৰ্ভত জ্ঞাত নহয় বুলি আৰক্ষীক উত্তৰ দি ক্ষমা খোজে। আৰক্ষীয়েও উপায়বিহীন হৈ বিশেষ শাস্তি বিহাৰ পৰিৱৰ্তে প্ৰতিজন বিদেশী নাগৰিককে কাগজত ৫০০বাৰ ছৰী লিখিবলৈ দিয়ে। আৰক্ষীৰ নিৰ্দেশনাৰ পিছতে বিদেশী নাগৰিককেইজনে লক ডাউনৰ নিয়ম নমনাৰ বাবে ৫০০বাৰ ছৰী লিখে।

You might also like