নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৬ মাহে ব্যাহত থকা ইণ্টাৰনেট মুকলিয়ে সুখী কৰিছে কাশ্মীৰবাসীক

নিয়মীয়া বাৰ্তা, ২৫ জানুৱাৰীঃ বিগত ছমাহতকৈ অধিক সময় কাশ্মীৰত ব্যাহত হৈ থকা ইণ্টাৰনেট সেৱা মুকলি কৰি দিয়া হয় শনিবাৰে । ২ জি ইণ্টাৰনেট আৰু ব্ৰডবেণ্ড সেৱা মুকলি কৰা হৈছে বুলি জানিবলৈ দিছে বিভাগীয় কৰ্তৃপক্ষই । মাজনিশাৰ পৰা কাশ্মীৰত কাৰ্যকৰী কৰা হৈছে এই সেৱা ।

ইণ্টাৰনেট সেৱা মুকলি কৰাৰ পাচতেই এতিয়া অত্যন্ত সুখী অনুভৱ কৰিছে যুৱপ্ৰজন্মই । দৈনন্দিন জীৱনত অপৰিহাৰ্য হৈ থকা ইণ্টাৰনেট সেৱা উপলব্ধ হোৱাৰ পাচতেই এতিয়া সংবাদমাধ্যমৰ আগত নিজৰ মত ব্যক্ত কৰিছে যুৱচামে । ইৰফান নামৰ জম্মু চহৰৰ এজন যুৱকে জনাইছে যে, ‘ইণ্টাৰনেট নথকাৰ ফলত আমি বহুখিনি সমস্যাৰ সন্মুখীন হৈছিলো । বিশেষকৈ জলপানিৰ বাবে প্ৰ-পত্ৰ পূৰণত অসুবিধা দেখা দিছিল যদিও আজিৰে পৰা এই সেৱা পুনৰ কাৰ্যকৰী হোৱাৰ আমি এই প্ৰ-পত্ৰ পূৰণ কৰিব পাৰিম ।’

ব্যৱসায়ী , ছাত্ৰ-ছাত্ৰীকে ধৰি সকলো ক্ষেত্ৰতে ইণ্টাৰনেট অবিহনে ব্যাপক সমস্যাই দেখা দি অহাৰ ফলত চৰকাৰে ইণ্টাৰনেট পুনৰ কাৰ্যকৰী কৰাত এতিয়া  চৰকাৰক ধন্যবাদ দিছে মহম্মদ ইমৰান খান নামৰ এজন যুৱকে ।

You might also like