নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৭ এপ্ৰিলত ক’ৰোণাৰ পৰা মুক্ত হ’ব তেলেংগানা!

নিয়মীয়া বাৰ্তা, ৩১ মাৰ্চঃ বিশ্বজুৰি  ক’ৰোণা ভাইৰাছে সংহাৰ সৃষ্টি কৰাৰ সময়তে এই ভাইৰাছবিধৰ সংক্ৰমণৰ পৰা ভাৰতৰ তেলেংগানা ৭ এপ্ৰিলত মুক্ত হ’ব বুলি ঘোষণা কৰিছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাৱে। মুখ্যমন্ত্ৰীগৰাকীয়ে দৃঢ়তাৰে কয় যে আগন্তুক ৭ এপ্ৰিলত ক’ৰোণামুক্ত হ’ব তেলেংগানা। সংবাদমাধ্যমৰ সৈতে মুখামুখি হৈ মন্ত্ৰীগৰাকীয়ে এই ঘোষণা কৰাৰ লগে লগে দেশত ব্যাপক চৰ্চা চলিছে। দেশৰ সংবাদ মাধ্যম হতবাক হৈ পৰিছে। কে চন্দ্ৰশেখৰ ৰাৱৰ এই মন্তব্যত।
উল্লেখনীয় যে তেলেংগানাত ৭০গৰাকী লোকে ক’ৰোণা ভাইৰাছত আক্ৰান্ত হৈ চিকিৎসা গ্ৰহণ কৰিছে ইয়াৰে ১১গৰাকী ইতিমধ্যে সুস্থ হোৱাৰ বিপৰীতে বাকীকেইগৰাকীক চিকিৎসা প্ৰদান কৰি থকা হৈছে। লক্ষণীয়ভাৱে অন্য দেশৰ পৰা অহা ২৫,৯৩৭গৰাকী লোকক নিৰীক্ষণ অৱস্থাত ৰাখিছে চৰকাৰে।

You might also like