৮ সপ্তাহত চাকৰি হেৰুৱালে ১০ কোটিয়ে
নিয়মীয়া বাৰ্তা, ২৯ মেঃ ক’ৰোনা মহামাৰীৰ বাবে দেশজুৰি ঘোষিত লকডাউনৰ ফলত সংস্থাপন হেৰুৱালে ১০ কোটি লোকে৷ বিগত ৮ সপ্তাহৰ পৰিসংখ্যা এয়া৷ চেণ্টাৰ ফ’ৰ মনিটৰিং ইণ্ডিয়ান ইক’নমী নামৰ সংস্থাটোৱে শেহতীয়াকৈ প্রকাশ কৰা প্রতিবেদনত প্রকাশ পাইছে এই তথ্য৷ এই প্রতিবেদন অনুসৰি ভাৰতত এতিয়া নিবনুৱাৰ হাৰ ২৪.৩ শতাংশ৷ বিগত মার্চ মাহত এই পৰিসংখ্যা আছিল ৮.৮ শতাংশ৷ এপ্রিল মাহৰ পৰা যোৱা ২৪ মে’লৈ চলোৱা সমীক্ষাৰ অন্তত প্রকাশ পোৱা মতে, দেশত নিবনুৱাৰ হাৰ বৃদ্ধি পাইছে ২৪.৩ শতাংশলৈ৷ সংস্থাটোৰ প্রতিবেদন অনুসৰি প্রথম পর্যায়ৰ কঠোৰ লকডাউনৰ সময়ত দেশত ১২ কোটি ২০ লাখ লোকে সংস্থাপন হেৰুৱাইছিল যদিও লকডাউন শিথিল কৰাৰ পাছত এই পৰিসংখ্যাৰ সামান্য উন্নতি ঘটি সংস্থাপনহীন লোকৰ সংখ্যা ১০ কোটি ২০ লাখলৈ হ্রাস পায়৷ শেহতীয়াকৈ সমগ্র দেশতে চতুর্থ পর্যায়ৰ লকডাউনৰ সময়ত বাণিজ্য ক্ষেত্রসমূহত যথেষ্ট শিথিলতা অনাত সংস্থাপন ঘূৰাই পাইছে বৃহৎসংখ্যক লোকে৷ কিন্তু সামগ্রিকভাৱে এই পৰিসংখ্যা আৰু নতুনকৈ পৰিৱর্তন ঘটাৰ বিশেষ ইংগিত প্রদান কৰা নাই সংস্থাটোৱে৷ কিয়নো সংস্থাপনহীন বৃহৎসংখ্যক শ্রমিকে এতিয়া গৃহাভিমুখী হৈ নিজ ৰাজ্যলৈ যাত্রা আৰম্ভ কৰিছে আৰু বহু শ্রমিক নিজ ৰাজ্যত উপস্থিত হৈছেগৈ৷ সংস্থাটোৰ পৰিসংখ্যা অনুসৰি চহৰ অঞ্চলত সংস্থাপনহীনতাৰ পৰিসংখ্যা সর্বাধিক৷ যোৱা এপ্রিল মাহত চহৰ অঞ্চলত ২৪.৯৫ শতাংশ নিবনুৱা সৃষ্টি হোৱাৰ বিপৰীতে গ্রামাঞ্চলত এই পৰিমাণ আছিল ২২.৮৯ শতাংশ৷ আনহাতে, মে’ মাহত এই পৰিসংখ্যা হয় চহৰাঞ্চলত ২৬.৪৯ শতাংশ (২৭ মে’) আৰু গ্রামাঞ্চলত ২২.৮৭ শতাংশ (২৭ মে’)৷ উল্লেখ্য যে ২০১৯ চনৰ মে’ মাহত ভাৰতবর্ষৰ চহৰাঞ্চলত নিবনুৱাৰ পৰিমাণ আছিল ৮.৫৮ শতাংশ আৰু গ্রামাঞ্চলত আছিল ৬.৩০ শতাংশ৷ যোৱা বর্ষৰ পৰিসংখ্যাৰ সৈতে বর্তমানৰ পৰিসংখ্যা তুলনা কৰিলে ক’ৰোনাৰ ফলত ঘোষিত লকডাউনে দেশৰ অর্থনীতিত পেলোৱা প্রভাৱৰ প্রতিচ্ছবিখন স্পষ্ট হৈ পৰে৷ দেশৰ বিভিন্ন ৰাজ্যৰ নিবনুৱাৰ ক্ষেত্রত পুডুচেৰীৰ পৰিসংখ্যাই সর্বাধিক৷ এই সময়ছোৱাত পুডুচেৰীত নিবনুৱাৰ সংখ্যা ৭৫.৮ শতাংশলৈ বৃদ্ধি পাইছে৷ পর্যটন উদ্যোগে এই কেন্দ্রীয়শাসিত অঞ্চলটোৰ সংস্থাপনৰ প্রধান উৎস হোৱা বাবে লকডাউনৰ ব্যাপক প্রভাৱ পৰিছে পুডুচেৰীত৷ আনহাতে, পুডুচেৰীৰ পাছতেই নিবনুৱাৰ সংখ্যা বৃদ্ধি পাইছে তামিলনাডুত৷ ৰাজ্যখনৰ বর্তমান নিবনুৱাৰ সংখ্যা ৪৯.৮ শতাংশ৷ একেদৰে নিবনুৱাৰ ক্ষেত্রত তৃতীয় স্থানত আছে ঝাৰখণ্ড৷ ৰাজ্যখনৰ ৪৭.১ শতাংশ লোকেই বর্তমান নিবনুৱা৷ ইয়াৰ পাছতেই ৪৬.৬ শতাংশ নিবনুৱাৰ ভৰ বহন কৰিবলগীয়া হৈছে বিহাৰে৷ বিহাৰৰ পাছতে ৪৩.২ শতাংশৰে শীর্ষত আছে হাৰিয়ানা৷ একেদৰে ত্রিপুৰাৰ ৪১.২ শতাংশ, কর্ণাটকৰ ২৯.৮ শতাংশ, ওড়িশাৰ ২৩.৮ শতাংশ, উত্তৰ প্রদেশৰ ২১.৫ শতাংশ, অন্ধ্রপ্রদেশৰ ২০.৫ শতাংশ, মহাৰাষ্ট্রৰ ২০.৯ শতাংশ, গুজৰাটৰ ১৮.৭ শতাংশ, ৰাজস্থানৰ ১৭.৭ শতাংশ, পশ্চিমবংগৰ ১৭.৪ শতাংশ, কেৰালাৰ ১৭ শতাংশ, দিল্লীৰ ১৬.৭ শতাংশ, গোৱাৰ ১৩.৩ শতাংশ, মধ্যপ্রদেশৰ ১২.৪ শতাংশ, অসমৰ ১১.১ শতাংশ, মেঘালয়ৰ ১০ শতাংশ, উত্তৰাখণ্ডৰ ৬.৫ শতাংশ, তেলেংগানাৰ ৬.২ শতাংশ, ছত্তিশগড়ৰ ৩.৪ শতাংশ, পঞ্জাবৰ ২.৯ শতাংশ, ছিকিমৰ ২.৩ শতাংশ আৰু হিমাচল প্রদেশৰ ২.২ শতাংশ লোক যোৱা এপ্রিল মাহত নিবনুৱা হোৱা বুলি সংস্থাটোৰ সমীক্ষাত প্রকাশ৷ মূলতঃ প্রব্রজিত শ্রমিকসকল কর্মৰত হৈ থকা সেৱা খণ্ডৰ বাণিজ্য ক্ষেত্রসমূহ বন্ধ হৈ পৰাৰ ফলতেই সংস্থাপনহীনতাৰ এই ভয়াৱহ প্রতিচ্ছবি পোহৰলৈ আহিছে৷ আনহাতে, দেশৰ আন্তঃগাঁথনিমূলক কাম–কাজ আৰু নির্মাণ খণ্ডৰ স্থবিৰতায়ো নিবনুৱা সমস্যা ভয়াৱহ ৰূপত প্রকট কৰি তুলিছে