নিয়মীয়া বাৰ্তা, ১৩ অক্টোবৰঃ মোদী চৰকাৰৰ বিমুদ্রাকৰণৰ সিদ্ধান্ত প্রাসংগিক আছিলনে নাই তাক লৈ বিচাৰ কৰিবলৈ উদ্যোগী হৈছে উচ্চতম ন্যায়ালয়৷ আজি এই সন্দর্ভত ৰিজার্ভ বেংক (আৰবিআই) আৰু কেন্দ্রীয় চৰকাৰৰ তৰফৰ পৰা শপতনামা বিচাৰিলে দেশৰ শীর্ষ আদালতখনে৷ এই সন্দর্ভত দাখিল হোৱা এলানি আবেদনৰ শুনানি আগন্তুক ৯ নৱেম্বৰত গ্রহণ কৰা হ’ব বুলি ঘোষণাও কৰিছে উচ্চতম ন্যায়ালয়ে৷ স্মর্তব্য যে চৰকাৰী নীতি সন্দর্ভত কিমানলৈ হস্তক্ষেপ কৰিব পাৰে উচ্চতম ন্যায়ালয়ে, সেই সন্দর্ভত পূর্বৰে পৰা বিতর্ক আছে৷ কিন্তু সেই নীতিক লৈ আদালতত গোচৰ ৰুজু হ’লে চৰকাৰ উত্তৰ দিবলৈ বাধ্য৷ উচ্চতম ন্যায়ালয়ৰ তৰফৰ পৰা এই কথা স্পষ্ট কৰি দিয়া হৈছে৷ বিচাৰপতি এছ এ নাজিৰৰ নেতৃত্বাধীন ৫জনীয়া বিচাৰপতিৰ সাংবিধানিক বিচাৰপীঠে বিমুদ্রাকৰণৰ গোচৰৰ শুনানি আৰম্ভ কৰিছে৷ এই বিচাৰপীঠে কেন্দ্রীয় চৰকাৰ আৰু ৰিজার্ভ বেংকৰ তৰফৰ পৰা শপতনামা বিচাৰিছে৷ কিন্তু কেন্দ্রীয় চৰকাৰক প্রতিনিধিত্ব কৰা ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই উল্লেখ কৰিছে যে এই ঘটনা সন্দর্ভত আদালতে হস্তক্ষেপ কৰিবলগীয়া কোনো পৰিস্থিতিৰ সৃষ্টি হোৱা নাই৷ এই দাবীৰ বিৰোধিতা কৰিছে পি চিদাম্বৰমসহ অন্যান্য আইনজীৱীসকলে৷