নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰহিংগ্যা লোকৰ ওপৰত চলা গণহত্যাৰ তথ্য নাপালে আয়োগে

নিয়মীয়া বাৰ্তা, ২২ জানুৱাৰীঃ ৰহিংগ্যা মুছলমানৰ বিৰুদ্ধে ম্যানমাৰৰ নিৰাপত্তা বাহিনীয়ে কোনোধৰণৰ গণহত্যা সংঘটিত কৰাৰ প্রামাণিক তথ্য লাভ কৰা নাই এক নিৰপেক্ষ তদন্ত আয়োগে ৷ কিন্তু ৰহিংগ্যা মুছলমানৰ বিৰুদ্ধে দেশখনৰ সেনাই যুদ্ধ–পৰাধ সংঘটিত কৰিছিল বুলি আয়োগে ধাৰণা কৰিছে৷ কাৰণ ৰাখিন প্রদেশত ৰহিংগ্যাৰ বিৰুদ্ধে আতিশয্য চলাৰ সময়তে সাত লক্ষাধিক লোকে প্রতিৱেশী বাংলাদেশলৈ পলায়ন কৰিছিল ৷ ইমানসংখ্যক লোকে দেশ এৰি পলায়ন কৰাৰ অন্তৰালত সেনাৰ যুদ্ধ–অপৰাধ নিহিত থাকিব পাৰে বুলি সন্দেহ কৰিছে ফিলিপাইনছৰ এগৰাকী কূটনীতিকৰ নেতৃত্বত তদন্ত চলোৱা নিৰপেক্ষ আয়োগে ৷ আয়োগে ইতিমধ্যে তদন্তৰ প্রতিবেদন দাখিল কৰিছে ম্যানমাৰৰ ৰাষ্ট্রপতি উইন মিণ্টৰ হাতত ৷ অৱশ্যে এই নিৰপেক্ষ আয়োগৰ প্রতিবেদন ৰাষ্ট্রসংঘ তথা অন্যান্য আন্তর্জাতিক সংস্থাসমূহে মানি লয় নে নলয় সেয়া লক্ষণীয় হ’ব ৷

You might also like