ৰাইজৰ সুবিধাৰ বাবে মন্ত্ৰীসকলক নিজ কাৰ্যালয়ত উপস্থিত থকাৰ নিৰ্দেশ প্ৰধানমন্ত্ৰীৰ
নিয়মীয়া বাৰ্তা ১১ এপ্ৰিলঃ দেশত ১৪ এপ্ৰিললৈকে লকডাউন। কিন্তু ক’ৰোনাৰ সংক্ৰমণ দিনক দিনে বৃদ্ধিহে হৈছে। এনে পৰিস্থিতিত দেশৰ কেইবাখনো ৰাজ্যই কেন্দ্ৰক অনুৰোধ কৰিছে যে লকডাউন বৃদ্ধি কৰিব লাগে। ইয়াৰ মাজতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কেন্দ্ৰীয় মন্ত্ৰী সকলক কৈছে যে সোমবাৰৰ পৰা নিজৰ কাৰ্যালয়ত গৈ কাম আৰম্ভ কৰিব লাগে। লগতে প্ৰধানমন্ত্ৰী গৰাকীয়ে কয় যে তেওঁলোকে সামাজিক দূৰত্ব বজাই ৰাখি নিজৰ কাম সম্পাদন কৰে । লগতে জ্যেষ্ঠ বিষয়া সকলো কাৰ্যালয়ত উপস্থিত থাকিব লাগিব বুলিও প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে ।