নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজধানী দিল্লীত নিষিদ্ধ খ্রীষ্টমাছ পার্টী নৱবর্ষ উদযাপনৰ সমাৱেশ

নিয়মীয়া বাৰ্তা, ২৩ ডিচেম্বৰঃ দেশত অমিক্রনত আক্রান্তৰ সংখ্যা দ্রুতগতিত বর্ধিত হৈছে৷ দক্ষিণ আফ্রিকাত প্রথমে চিনাক্ত ক’ভিড–১৯ৰ নতুন প্রকৰণ অমিক্রনে ভাৰততো ভয়াৱহ হৈ উঠাৰ সম্ভাৱনাৰ প্রতি লক্ষ্য ৰাখি কেন্দ্রীয় চৰকাৰে ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলসমূহক ৱাৰ ৰুম সাজু কৰিবলৈ নির্দেশ দিছে৷ কালিৰ দিনটোত অমিক্রনত আক্রান্ত ৰোগী ২০০জনলৈ বৃদ্ধি পোৱাৰ ২৪ ঘণ্টা পাছত বুধবাৰে আক্রান্তৰ সংখ্যা ২১৪লৈ বৃদ্ধি পাইছে৷ দেশৰ ১২খন ৰাজ্যলৈ অমিক্রনৰ সংক্রমণ সম্প্রসাৰিত হৈছে৷ ৰাজধানী দিল্লীত সর্বাধিক ৫৭জন লোক অমিক্রনত আক্রান্ত হৈছে৷ তদুপৰি বিগত ছমাহৰ ভিতৰত যোৱা ২৪ ঘণ্টাত ক’ভিডত আক্রান্ত লোকৰ সংখ্যা সর্বাধিক ১২৫জন নতুনকৈ আক্রান্ত হৈছে৷ ক’ভিডৰ আন প্রকৰণৰ লগতে অমিক্রনত আক্রান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ পৰিপ্রেক্ষিততেই  দিল্লী চৰকাৰে সমাগত বৰদিন আৰু ইংৰাজী নৱবর্ষ উদযাপনৰ সমাগম নিষিদ্ধ কৰিছে৷ দিল্লী দুর্যোগ ব্যৱস্থাপনা কর্তৃপক্ষই ইতিমধ্যে ৰাজধানীত সকলো জিলাৰ দণ্ডাধীশলৈ বৰদিন আৰু নৱবর্ষ উদ্যাপনৰ সমাগম নিষিদ্ধ কৰাত গুৰুত্ব দিবলৈ নির্দেশ দিছে৷ ইয়াৰ উপৰি সকলো সামাজিক, ৰাজনৈতিক, ক্রীড়া, বিনোদন, সাংস্কৃতিক আৰু ধর্মীয় কার্যসূচীতো জনসমাগম নিষিদ্ধ কৰিছে৷

আনপিনে ৰাজধানী দিল্লীৰ সকলো ৰেষ্টুৰেণ্ট আৰু বাৰত গ্রাহকৰ আসনৰ ক্ষমতা ৫০ শতাংশ কৰিবলৈ নির্দেশ দিছে৷ উল্লেখ্য যে যোৱা ২ ডিচেম্বৰত কর্ণাটকত প্রথমজন অমিক্রনত আক্রান্ত লোক চিনাক্ত হোৱাৰ পিছত ২০ দিনৰ ভিতৰত দেশৰ ১২খন ৰাজ্যত ইয়াৰ সংক্রমণ সম্প্রসাৰিত হৈছে৷ আক্রান্তৰ সংখ্যা ২১৪জনলৈ বৃদ্ধি পাইছে৷ ৰাজধানী দিল্লীত সর্বাধিক ৫৭জনৰ বিপৰীতে মহাৰাষ্ট্রত ৫৪, তেলেংগানাত ২৪, কর্ণাটক ১৯, ৰাজস্থান ১৮, কেৰালা ১৫ আৰু গুজৰাটত ১৪জন৷ জম্মু–কাশ্মীৰত তিনিজন, ওড়িশা আৰু উত্তৰ প্রদেশত দুজন, এজনকৈ আক্রান্ত হৈছে অন্ধ্রপ্রদেশ, চণ্ডীগড়, লাডাখ, তামিলনাডু আৰু পশ্চিমবংগত৷ দ্রুতগতিত অমিক্রনত আক্রান্ত লোকৰ সংখ্যা বৃদ্ধি পাই থকাৰ পৰিপ্রেক্ষিতত আজি প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ক’ভিড–১৯ পৰিস্থিতিক লৈ পর্যালোচনা বৈঠকত অংশ ল’ব৷ এই বৈঠকত প্রধানমন্ত্রী মোদীয়ে অমিক্রনক লৈ দেশৰ ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলসমূহে কি ব্যৱস্থা গ্রহণ কৰিব লাগিব, সেই সন্দর্ভত পৰামর্শ আগবঢ়োৱাৰ সম্ভাৱনা আছে৷

আনপিনে অমিক্রনৰ বর্ধিত শংকাৰ প্রতি লক্ষ্য ৰাখি ইজৰাইলে ক’ভিড–১৯ ভেকচিনৰ চতুর্থটো ড’জ প্রদানৰ ব্যৱস্থা গ্রহণ কৰিছে৷ প্রথম পর্যায়ত ৬০ বছৰ ঊর্ধ্বৰ নাগৰিকৰ লগতে স্বাস্থ্যকর্মীসকলক ভেকচিনৰ চতুর্থটো ড’জ তথা বুষ্টাৰ প্রদান কৰিব৷ ক’ভিডৰ চাৰিটা ড’জ প্রদান কৰা বিশ্বৰ প্রথম দেশ হ’ব ইজৰাইল৷ ইতিমধ্যে দেশখনত ৪.১ নিযুততকৈ অধিক লোকক ক’ভিড ভেকচিনৰ তিনিটা ড’জ প্রদান কৰা হৈছে৷

You might also like