নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজস্থানৰ মুখ্যমন্ত্রীৰ পদত্যাগ দাবী মায়াৱতীৰ

কোটাত শিশুৰ মৃত্যুৰ সংখ্যা ১০৪লৈ বৃদ্ধি

নিয়মীয়া বাৰ্তা, ৪ জানুৱাৰীঃ ৰাজস্থানৰ কোটাৰ জেকে ল’ন হাস্পতালত এটা মাহৰ ভিতৰত ১০৪টাকৈ নৱজাতক শিশুৰ মৃত্যু হোৱা ঘটনাই দেশজুৰি চাঞ্চল্য সৃষ্টি কৰাৰ সময়তে বহুজন সমাজ পার্টী (বিএছপি)ৰ মুৰব্বী মায়াৱতীয়ে ধাৰাবাহিক আক্রমণ আৰম্ভ কৰিছে অশোক গেহলট চৰকাৰৰ বিৰুদ্ধে ৷ কালি নেত্রীগৰাকীয়ে প্রিয়ংকা গান্ধীক কোটাত সন্তানক হেৰুওৱা মাতৃসকলৰ সৈতে মিলিত হ’বলৈ আহ্বান জনাই অশোক গেহলট চৰকাৰকো ক্ষুৰধাৰ সমালোচনা কৰিছিল ৷ শুকুৰবাৰে পুনৰ ৰাজস্থান চৰকাৰৰ বিৰুদ্ধে ক্ষুৰধাৰ মন্তব্য আগবঢ়াই মায়াৱতীয়ে কৈছে যে অশোক গেহলট চৰকাৰে ৰাজ্যখনৰ পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ সক্ষম হোৱা নাই ৷ গতিকে মুখ্যমন্ত্রী গেহলটে নৈতিক দায়িত্ব স্বীকাৰ কৰি পদত্যাগ কৰিব লাগে বুলিও দাবী জনাইছে নেত্রীগৰাকীয়ে ৷

You might also like