নিয়মীয়া বাৰ্তা, ১৯ আগষ্ট: ক’ভিড টিকা আৰু এল’পেথী দৰবক লৈ জনগণক বিভ্রান্ত নকৰিবলৈ দিল্লী উচ্চ ন্যায়ালয়ে সকীয়াইছে যোগগুৰু ৰামদেৱক৷ কালি দিল্লী উচ্চ ন্যায়ালয়ে ৰামদেৱলৈ সতর্কবাণী কৰি কৈছে যে পতঞ্জলিৰ কৰ’নিল ঔষধৰ প্রচাৰৰ বাবে ক’ভিড টিকা আৰু এল’পেথী দৰব সম্পর্কে বিভ্রান্তিকৰ মন্তব্য কৰিলে সেয়া গ্রহণযোগ্য নহ’ব৷ দিল্লী উচ্চ ন্যায়ালয়ৰ বিচাৰপতি জয়ৰাম ভম্ভানিয়ে যোগগুৰুগৰাকীক কালি এই সতর্কবাণী শুনাইছে৷