নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাষ্ট্ৰপতি ভৱনত বাতিল হোলীঃ স্থগিত ভাৰত ইউৰোপীয় সংঘৰ সন্মিলন

নিয়মীয়া বাৰ্তা, ৬ মাৰ্চঃ দেশজুৰি ঘাতক ক’ৰোনা ভাইৰাছে আতংক সৃষ্টি কৰিছে । কেন্দ্ৰীয় চৰকাৰে ক’ৰোনা ভাইৰাছক প্ৰতিৰোধ কৰাৰ বাবে সজাগতামূলক পদক্ষেপ গ্ৰহণ কৰিলেও দেশবাসীৰ মাজত এই ঘাতক ভাইৰাছক লৈ শংকা সৃষ্টি হৈছে । বৃহস্পতিবাৰে উত্তৰপ্ৰদেশৰ গাজিয়াবাদত নতুনকৈ এজন লোক ক’ৰোনা ভাইৰাছত আক্ৰান্ত হোৱা বুলি নিশ্চিত হোৱাত দেশত ইয়াৰ সংখ্যা ৩০লৈ বৃদ্ধি পালে৷ বিদেশৰ পৰা অহা যাত্রীসকলক আন্তর্জাতিক বিমানবন্দৰত স্ক্রীনিং টেষ্ট কৰাৰ পাছতহে নিজৰ গন্তব্য স্থানলৈ যোৱাৰ অনুমতি দিয়া হৈছে৷ চৰকাৰে ১২খন দেশৰ পৰা অহা যাত্রীক স্ক্রীনিং টেষ্ট কৰাটো বাধ্যতামূলক কৰিছিল যদিও দেশত ক’ৰোনা ভাইৰাছত আক্রান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে সকলো বিদেশৰ পৰা অহা যাত্রীক স্ক্রীনিং টেষ্ট কৰা হৈছে৷ কেন্দ্রীয় স্বাস্থ্যমন্ত্রী হর্ষ বর্ধনে কেন্দ্রীয় চৰকাৰে ৰাজ্য চৰকাৰৰ সৈতে অহৰহ সম্পর্ক ৰক্ষা কৰি এই ঘাতক ভাইৰাছ প্রতিৰোধ কৰাৰ বাবে ব্যৱস্থা গ্রহণ কৰি থকা বুলি ঘোষণা কৰিছে৷ তদুপৰি এতিয়ালৈকে বিদেশীৰ পৰা অহা ৬,৪৯,৪৫২ যাত্রীক বিমানবন্দৰত স্ক্রীনিং টেষ্ট কৰা হৈছে বুলি কয় স্বাস্থ্যমন্ত্রীগৰাকীয়্৷ ক’ৰোনা ভাইৰাছৰ বিষয়টো প্রধানমন্ত্রী কার্যালয়ে প্রত্যক্ষভাৱে নিৰীক্ষণ কৰি থকা বুলি কেন্দ্রীয় স্বাস্থ্যমন্ত্রীগৰাকীয়্ ঘোষণা কৰিছে৷ যোৱা ১৭ জানুৱাৰীৰ পৰাই ক’ৰোনা ভাইৰাছ প্রতিৰোধ কৰাৰ বাবে কেন্দ্রীয় চৰকাৰ সাজু হৈ আছে বুলিও কয় স্বাস্থ্যমন্ত্রীগৰাকীয়্৷ নতুন দিল্লীত ক’ৰোনা ভাইৰাছত আক্রান্ত লোক চিনাক্ত হোৱাৰ পাছত সৃষ্টি হোৱা শংকাময় পৰিৱেশৰ প্রতি লক্ষ্য ৰাখি সকলো বিদ্যালয় অহা ৩১ মার্চলৈকে বন্ধ ঘোষণা কৰিছে দিল্লী চৰকাৰে৷ আনপিনে, তেলেংগানাতো ক’ৰোনা ভাইৰাছত আক্রান্ত লোক চিনাক্ত হোৱাৰ পাছত ৰাজ্য চৰকাৰে বিভিন্ন পদক্ষেপ গ্রহণ কৰাৰ লগতে আজি ৰাজ্যখনৰ উচ্চ ন্যায়ালয়ে শুনানি বন্ধ ৰাখিছে৷ উত্তৰ প্রদেশৰ নইদাত দুখন বিদ্যালয়ৰ ৪০জনকৈ ছাত্রক অকলশৰীয়াকৈ বিশেষ কোঠাত চিকিৎসকে সূক্ষ্ম নিৰীক্ষণত ৰাখিছে৷ ৰাজ্যখনত হাই এলার্ট জাৰি কৰাৰ লগতে পৰিস্থিতি নিৰীক্ষণৰ বাবে ১৮জনীয়া কমিটী গঠন কৰি দিয়া হৈছে৷ উত্তৰ প্রদেশৰ লক্ষ্ণৌত প্রতিৰোধী ব্যৱস্থা হিচাপে মাংসৰ বিক্রী বন্ধ কৰি দিয়া হৈছে৷ সমগ্র দেশৰ প্রতিখন ৰাজ্যতে ঘাতক ভাইৰাছটো প্রতিৰোধ কৰাৰ বাবে সজাগতা অভিযান আৰম্ভ কৰিছে৷ উত্তৰ–পূবৰ ৰাজ্য ছিকিম চৰকাৰে ইতিমধ্যে ৰাজ্যখনলৈ যোৱা ৪ লাখতকৈও অধিক যাত্রীক ৰাজ্যত প্রৱেশৰ পূর্বে স্ক্রীনিং টেষ্ট সম্পূর্ণ কৰিছে৷ মালয়েছিয়াৰ পৰা বিশাখাপট্টনমলৈ উভতি অহা এটা পৰিয়ালৰ পাঁচজন লোক জ্বৰত আক্রান্ত হোৱা বাবে বিশেষভাৱে সজ্জিত চিকিৎসালয়ৰ কোঠাত নিৰীক্ষণ কৰি থকা হৈছে৷ আনহাতে, চি বি এছ ইৰ দশম আৰু দ্বাদশ শ্রেণীৰ পৰীক্ষাত অৱতীর্ণ হোৱা পৰীক্ষার্থীসকলক মাস্ক আৰু হাত ধোৱা চাবোন পৰীক্ষা কেন্দ্রলৈ লৈ আনিবলৈ আহ্বান জনাইছে৷ ৰাজস্থান, গোৱা, পশ্চিমবংগ, জম্মু–কাশ্মীৰকে ধৰি বিভন্ন ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলত ঘাতক ভাইৰাছক লৈ সজাগতা অভিযান হিচাপে বিভিন্ন কার্যসূচী গ্রহণ কৰিছে৷ ইপিনে, প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ঘাতক ভাইৰাছৰ সংক্রমণৰ প্রতি লক্ষ্য ৰাখি সমাগত হোলী উৎসৱ পালন নকৰাৰ সিদ্ধান্ত ঘোষণা কৰাৰ পাছত আজি ৰাষ্ট্রপতি ভৱনেও হোলী উৎসৱ পালন নকৰে বুলি সিদ্ধান্ত গ্রহণ কৰিছে৷ ৰাষ্ট্রপতি ৰাম নাথ কোৱিন্দে এইবেলি ৰাষ্ট্রপতি ভৱনত হোলী উৎসৱ পালন নকৰে বুলি ঘোষণা কৰিছে৷ অহা ৭ মার্চৰ পৰা মোগল গার্ডেন সাধাৰণ নাগৰিকৰ বাবে বন্ধ থাকিব৷ ৰঙৰ উৎসৱ হোলী পালন নকৰে বুলি জনাইছে গৃহমন্ত্রী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডা আৰু দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱাল৷ উল্লেখ্য যে কেন্দ্রীয় চৰকাৰে ঘাতক ক’ৰোনা ভাইৰাছ প্রতিৰোধৰ বাবে গ্রহণ কৰা পদক্ষেপক কঠোৰ ভাষাৰে সমালোচনা কৰিছে কংগ্রেছ নেতা ৰাহুল গান্ধীয়ে৷ এক টুইটযোগ্য কেন্দ্রীয় স্বাস্থ্যমন্ত্রী হর্ষ বর্ধনক আক্রমণৰ লক্ষ্য কৰি লৈ ৰাহুল গান্ধীয়ে কয়– স্বাস্থ্যমন্ত্রীয়ে কৈ আছে ভাৰত চৰকাৰে ক’ৰোনা সংকটক নিয়ন্ত্রণলৈ আনিছে৷ এই ঘোষণা টাইটানিকৰ কেপ্ঢেইনৰ লেখীয়া৷ কেপ্ঢেইনে যাত্রীসকলক কৈছিল– শংকিত নহ’ব, তেওঁৰ জাহাজ ডুবন্ত নহয়৷ এই সময়ত চৰকাৰে ৰাজহুৱা একচন প্লেন গ্রহণ কৰিব লাগে৷ যাৰ জৰিয়তে এই সংকটৰ পৰা উদ্ধাৰ পাব পাৰি৷ বিশ্বজুৰি ক’ৰোনা ভাইৰাছৰ সংহাৰৰ বাবে ভাৰত–ইউৰোপীয় সংঘৰ সন্মিলন স্থগিত কৰা হৈছে৷ কিয়নো এই সময়ত প্রধানমন্ত্রী নৰেন্দ্র মোদী সন্মিলনত অংশগ্রহণ কৰাৰ বাবে ব্রাছেলছ ভ্রমণ কৰাটো স্বাস্থ্যৰ পক্ষে শুভ নহয়৷ দুয়ো দেশৰ আলোচনাৰ পাছতে সন্মিলনখন স্থগিত কৰা হৈছে বুলি উল্লেখ কৰি বৈদেশিক মন্ত্রালয়ৰ মুখপাত্র ৰবিশ কুমাৰে পৰৱর্তী তাৰিখটো দুই দেশে আলোচনা কৰি নির্ধাৰিত কৰিব৷ লক্ষণীয় যে ইৰানত আবদ্ধ হৈ থকা ১,২০০ ভাৰতীয়ক স্বদেশলৈ অনাৰ বাবে নতুন দিল্লীয়ে পদক্ষেপ গ্রহণ কৰি দেশখনলৈ বিশেষ চিকিৎসকৰ দল পঠিয়াব ৷ ডুবাইত এগৰাকী ভাৰতীয় কিশোৰী ঘাতক ক’ৰোনা ভাইৰাছত আক্রান্ত হোৱাৰ তথ্য লাভ কৰিছে ৷

You might also like