নিয়মীয়া বাৰ্তা, ২১ এপ্ৰিলঃ দেশজুৰি ভয়াৱহ ৰূপ ধাৰণ কৰিছে ক’ভিড-১৯-এ। দৈনিক বৃদ্ধি পাইছে সংক্ৰমিত লোকৰ সংখ্যা লগতে বৃদ্ধি পাইছে মৃত্যুৰ হাৰ। এইবাৰ ৰাষ্ট্ৰপতি ভৱনৰ এজন চাফাই কৰ্মীৰ দেহত ক’ভিড-১৯ৰ অৱস্থিতি। ইতিমধ্যে সংক্ৰমিত লোকজনক দিল্লীৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছে। ৪দিন পূৰ্বে এই লোকজনৰ দেহত ক’ৰোনা ভাইৰাছৰ অৱস্থিতি নিশ্চিত হৈছিল। বৰ্তমান প্ৰায় ১০০জনৰো অধিক লোকক কোৱাৰেণ্টাইনত ৰখা হৈছে। সচিব পৰ্যায়ৰ বিষয়াক হোম কোৱাৰেণ্টাইনৰ ব্যবস্থা কৰা হৈছে। আনহাতে বৰ্তমানলৈ আন কোনো কৰ্মচাৰীৰ দেহত পোৱা নাই ক’ভিড-১৯।