নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশত ১.৮০ কোটি শ্রমিকে সন্ধান কৰিব লাগিব নতুন জীৱিকাৰ

নিয়মীয়া বাৰ্তা, ২০ ফেব্ৰুৱাৰীঃ ক’ভিড–১৯ মহামাৰীয়ে দেশৰ শ্রম বজাৰত দীর্ঘদিনীয়া প্রভাৱ পেলাইছে৷ এই মহামাৰীৰ বাবে ২০৩০ চনৰ ভিতৰত ভাৰতৰ ১ কোটি ৮০ লাখ শ্রমিকে নতুন জীৱিকাৰ পথ বিচাৰিব লগা হ’ব বুলি শেহতীয়া এক প্রতিবেদনত প্রকাশ পাইছে৷

লক্ষণীয়ভাৱে মহামাৰীৰ ফলত আটাইতকৈ ক্ষতিৰ সন্মুখীন হ’ব কম মজুৰিৰ শ্রমিকসকল৷ দিন মজুৰ, খাদ্য সেৱা, বিভিন্ন আতিথ্য বিভাগ তথা কার্যালয় প্রশাসনৰ নিম্ন মজুৰিৰ এই শ্রমিকসকলে আগন্তুক ১০ বছৰৰ ভিতৰত বর্তমানৰ কাম বাদ দি অন্য কাম বিচাৰিব লাগিব৷ মেককিনছী গ্ল’বেল ইন্ষ্টিটিউট নামৰ সংস্থা এটাৰ প্রতিবেদনত এই তথ্য সদৰী হৈছে৷ মহামাৰীৰ বাবে কোম্পানীসমূহে কাম সলনি কৰাৰ ফলতেই শ্রম বজাৰলৈ নামি আহিছে নতুন সংকট৷

You might also like