নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১০০ বছৰত ভৰি দিলে প্রাক্তন কর্নেল পৃথ্বিপাল সিঙে

তিনি সেনাত সেৱা

নিয়মীয়া বাৰ্তা ১৩ ডিচেম্বৰঃ দেশৰ তিনি সেনাবাহিনীত কার্যনির্বাহ কৰা দ্বিতীয় বিশ্বযুদ্ধৰ প্রবীণ সেনা বিষয়া তথা প্রাক্তন কর্নেল পৃথ্বিপাল সিঙে ১০০ বছৰত ভৰি দিলে৷ স্থল, বায়ু আৰু নৌ–বাহিনীত কর্মৰত হৈ অৱসৰ গ্রহণ কৰা প্রাক্তন কর্নেল পৃথ্বিপাল সিং হৈছে ১০০ বছৰত ভৰি দিয়া একমাত্র সেনা বিষয়া৷ ব্রিটিছশাসিত ভাৰতত ১৯২০ চনৰ পাটিয়ালাত জন্মগ্রহণ কৰা কর্নেল সিঙে দ্বিতীয় বিশ্বযুদ্ধত অংশগ্রহণ কৰাৰ লগতে ১৯৬৫ চনত ভাৰত–পাকিস্তানৰ যুদ্ধতো অংশ লৈছিল৷ মণিপুৰৰ আছাম ৰাইফলছৰ ছেক্টৰ কমাণ্ডাৰ হিচাপে কার্যনির্বাহ কৰা পৃথ্বিপাল সিঙৰ ৭০সংখ্যক বিবাহ বার্ষিকীও অহা ২৪ ডিচেম্বৰত উদ্যাপন হ’ব৷ তিনি সেনাত কর্মৰত একমাত্র সেনা বিষয়া সিঙৰ পত্নীৰ বয়স ৯৩ বছৰ৷ কর্নেল সিঙে ৩৪ মিডিয়াম ৰেজিমেণ্টত সেৱা আগবঢ়োৱাৰ পিছত ৭১ মিডিয়াম ৰেজিমেণ্টৰ কমাণ্ডাৰ হিচাপে সেৱা আগবঢ়ায়৷ মণিপুৰৰ উখুলত আছাম ৰাইফলছত সেৱা আগবঢ়োৱাৰ সময়তে তেওঁক কর্নেললৈ পদোন্নতি দিয়ে আৰু ৭০ বছৰ বয়সত সশস্ত্র বাহিনীৰ পৰা অৱসৰ গ্ৰহণ কৰে।

You might also like