নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যুদ্ধভূমিৰ পৰা অকলে এহাজাৰ কিলোমিটাৰ খোজ কাঢ়িলে ১১ বছৰীয়া ‘হিৰো’ই

বিশেষ বাৰ্তা, ৭মাৰ্চঃ যুদ্ধভূমিৰ খবৰ। এটি ১১ বছৰীয়া শিশুক সৰ্বশ্ৰেষ্ঠ হিৰো আখ্যা দিলে শ্ল’ভাকিয়াৰ মন্ত্ৰীয়ে। আপুনি শুনি আচৰিত হ’ব যে মাত্ৰ ১১ বছৰীয়া শিশুটিয়ে সুৰক্ষিত আশ্ৰয় বিচাৰি ইউক্ৰেইনৰ পৰা অকলে এহাজাৰ কিলোমিটাৰ খোজ কাঢ়ি সীমান্ত অতিক্ৰম কৰি প্ৰবেশ কৰিছে শ্ল’ভাকিয়াত। পিঠিত বেগ আৰু হাতত মাকে লিখি পঠিয়াই দিয়া ফোন নম্বৰ আৰু ঠিকনা। সীমান্তৰ সিপাৰৰ বঙহ বিচাৰি শিশুটিক ৰে’লত উঠাই পঠিয়াই দিছিল মাকে। এই দীঘলীয়া যাত্ৰা পথ অকলে আহিও হাঁহি আৰু ভয়হীন মুখ কণমানিটোৰ। তাকে দেখিয়ে শ্ল’ভাকিয়াৰ মন্ত্ৰীয়ে শিশুটিক The Biggest Hero of Last night বুলি অভিহিত কৰে। যুদ্ধবিধ্বস্ত দেশখনৰ পৰা নিৰাপদ আশ্ৰয়ৰ বাবে মাক-দেউতাকৰ সৈতে শিশুটি একেলগেই ওলাইছিল যদিও ৰুগীয়া কোনো আত্মীয়ক চম্ভালিব লগা হোৱাত তেওঁলোক নিজৰ ঠাইতে ৰ’বলগীয়া হৈছে।

You might also like