নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাছিয়াত ১২ আগষ্টৰ পৰা ক’ৰোনা প্ৰতিষেধক টিকাকৰণৰ পঞ্জীয়ণ… ভাৰতত কেতিয়া…

নিয়মীয়া বাৰ্তা ৮ আগষ্টঃ ক’ৰোনা ভেকচিনক লৈ চৰকাৰ সক্ৰিয় হোৱা দেখা গৈছে। মন কৰিব লগীয়া যে চৰকাৰে ভেকচিন, ক্ৰয় কৰা, বিতৰণ কৰা আৰু টিকাকৰণ কৰিবৰ বাবে টাস্ক ফৰ্চ গঠন কৰিছে। এই টাস্ক ফৰ্চৰ লগত জড়িত মন্ত্ৰালয় আৰু চৰকাৰী সংস্থাৰ প্ৰতিনিধি অন্তৰ্ভুক্ত কৰা হৈছে। উল্লেখ্য যে বিশ্বৰ বিভিন্ন পৰ্যায়ত ক’ৰোনা ভেকচিন পৰীক্ষণৰ অন্তিম তথা তৃতীয় পৰ্যায়ত উপনীত হৈছে আৰু কেইবামাহৰ পিছতেই ভেকচিন বজাৰলৈ আহিব বুলি আশা কৰা হৈছে।

অহা ডিচেম্বৰ মাহৰ ভিতৰত দেশত ক’ৰোনাৰ ভেকচিন উপলব্ধ হ’ব পাৰে বুলি আশা কৰা হৈছে। ভাৰতত ইয়াৰ মূল্য ২২৫ টকা ধাৰ্য কৰা হৈছে। উল্লেখ্য যে চিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াই যোৱা বুধবাৰে বিল এণ্ড মেলিণ্ডা গেটছ ফাউণ্ডেচন আৰু গাভি দ্য ভেকচিন এলায়েন্সৰ সৈতে ১৫০ মিলিয়ন বা ১৫ কোটি মার্কিন ডলাৰৰ এক চুক্তিত স্বাক্ষৰ কৰিছে৷ এই ধনৰাশিৰে ২০২১ চনৰ শেষভাগত ভাৰত আৰু আন উন্নয়নশীল দেশৰ বাবে ১০০ মিলিয়ন বা ১০ কোটি ড’জ ক’ৰোনাৰ প্রতিষেধক প্রস্তুত কৰা হ’ব৷
শেহতীয়াকৈ ড্রাগ কণ্ড্র’ল জেনেৰেল অৱ ইণ্ডিয়াই চিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াক অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ৰ ভেকচিনৰ দুই আৰু তৃতীয় পর্যায়ত ক্লিনিকেল ট্রায়েলৰ অনুমতি প্রদান কৰিছে৷

আনহাতে ৰাছিয়াৰ স্বাস্থ্য মন্ত্ৰী মিখাইল মুৰাস্কৌয়ে ঘোষণা কৰিছে যে দেশ খনত ভেকচিনৰ পৰীক্ষণ ১০০ শতাংশ সফল হৈছে। অহা ১২ আগষ্টৰ পৰা ক’ৰোনাৰ ভেকচিনৰ টিকাকৰণৰ বাবে পঞ্জীয়ণ প্ৰক্ৰিয়া আৰম্ভ হ’ব। ৰাছিয়াত ভেকচিনৰ নিৰ্মাণৰ কাম গামেলিয়া ইনষ্টিটিউটত  চলি আছে। ইনষ্টিটিউটৰ এজন বিষয়াই কয় যে টিকাৰ পঞ্জীকৰণৰ তিনি বা সাত দিনৰ ভিতৰত ভেকচিন উপলব্ধ হ’ব। লগতে দেশ খনৰ স্বাস্থ্য মন্ত্ৰী জনে কয় যে অহা অক্টোবৰত দেশত ব্যাপক পৰিমাণে ইয়াৰ উৎপাদন আৰম্ভ হ’ব।

You might also like