১২ দিনীয়া পদক্ষেপত দেশৰ ৰাজধানীত সম্পন্ন হ’ল ৪.৪৫ লাখ ক’ভিড টেষ্ট
অমিত শ্বাহৰ নেতৃত্বত সলনি দিল্লীৰ পৰিৱেশ
নিয়মীয়া বাৰ্তা ১৯ জুলাইঃ দেশৰ ৰাজধানী চহৰ দিল্লীত ভয়াৱহ ৰূপ ধৰা ক’ৰোনা পৰিস্থিতি শেহতীয়াকৈ কিছু নিয়ন্ত্রণত৷ সামাজিক সংক্রমণত বিধ্বস্ত হৈ পৰা দিল্লীত যোৱা জুন মাহত পৰিস্থিতি এনে পর্যায় পাইছিলগৈ যে ক’ৰোনাৰ বিৰুদ্ধে চলা যুঁজত একপ্রকাৰ হাত দাঙি দিছিল দিল্লীৰ চৰকাৰে৷ ভয়ংকৰ পৰিস্থিতিৰ দিশে গতি কৰা দিল্লীক উদ্ধাৰৰ বাবে অৱশেষত আগবাঢ়ি আহিবলৈ বাধ্য হ’ল কেন্দ্রীয় চৰকাৰ৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ পৰামর্শমর্মে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে ক’ৰোনাৰ বিৰুদ্ধে চলা যুঁজৰ নেতৃত্ব লৈ যোৱা এমাহত দিল্লীৰ পৰিৱেশ নিয়ন্ত্রণ কৰাই নহয়, সামাজিক সংক্রমণ প্রতিৰোধতো যথেষ্ট সফলতা দেখুৱাবলৈ সক্ষম হ’ল৷ উল্লেখ্য যে জুন মাহৰ শেষভাগত দিল্লীৰ উপ–মুখ্যমন্ত্রী মনীষ শিশোদিয়াই জুলাই মাহত ৰাজধানী চহৰখনত ক’ৰোনা আক্রান্তৰ সংখ্যা ৫.৫ লাখ অতিক্রম কৰিব বুলি মন্তব্য কৰিছিল৷ কার্যতঃ ক’ৰোনা প্রতিৰোধত একপ্রকাৰ পৰাজয়বৰণ কৰা দিল্লী চৰকাৰৰ এনে পৰিস্থিতি চম্ভালি ল’লে কেন্দ্রীয় মন্ত্রী অমিত শ্বাহে৷ যোৱা ১৫ জুনত ক’ৰোনা প্রতিৰোধৰ দায়িত্ব লৈ এমাহৰ পাছত অর্থাৎ ১৫ জুলাইত পৰিৱেশ সলনি কৰি দিয়াই নহয়, দিল্লীত এতিয়া যথেষ্ট নিয়ন্ত্রণত ক’ভিড–১৯৷
উল্লেখ্য যে যোৱা ১৫ জুনত দিল্লীত পৰিস্থিতি চম্ভালিবলৈ কেন্দ্রীয় গৃহমন্ত্রীজনে গ্রহণ কৰে ১১টা বিশেষ পদক্ষেপ৷ এই পদক্ষেপসমূহৰ অংশস্বৰূপে অমিত শ্বাহে অনুষ্ঠিত কৰিছিল এখন বিশেষ বৈঠকৰ৷ কেন্দ্রীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু দিল্লী পৌৰসভাৰ বিষয়ববীয়া উপস্থিত থকা এই বৈঠকতে ক’ৰোনাৰ সামাজিক সংক্রমণ প্রতিৰোধৰ এলানি ব্যৱস্থা গ্রহণ কৰা হয়৷ এই বৈঠকৰ সমান্তৰালকৈ অমিত শ্বাহে সকলো ৰাজনৈতিক দলৰ সৈতে বৈঠক অনুষ্ঠিত কৰি গ্রহণ কৰে এলানি পৰামর্শ৷
ইফালে, গৃহমন্ত্রীগৰাকীৰ নির্দেশত স্বাস্থ্য সেৱাৰ দিশটো তদাৰক কৰিবলৈ গঠন কৰা হয় এখন বিশেষ কমিটী৷ নিটি আয়োগ, এইমছ আৰু কেন্দ্রীয় চৰকাৰৰ স্বাস্থ্য সচিবক লৈ গঠন কৰা কমিটীখনে যোৱা সময়ছোৱাত আক্রান্ত লোকৰ পৰীক্ষা, চিকিৎসাৰ ক্ষেত্রত বিশেষ পদক্ষেপ গ্রহণ কৰে৷ তাৰ ফলস্বৰূপে ১৫ জুনৰ পৰা ১৫ জুলাইলৈ দিল্লীৰ পৰিৱেশ যথেষ্ট সলনি কৰা হয়৷ ১ এপ্রিলৰ পৰা ১৪ জুনলৈ প্রতিদিনে দিল্লীত পৰীক্ষা কৰা হৈছিল ২,৮০০জনক৷ সেই অনুসৰি এই সময়ছোৱাত মুঠ পৰীক্ষা সম্পন্ন হৈছিল ২,৯০,৫৯২জন লোকৰ৷ ইয়াৰ বিপৰীতে ১৫ জুনৰ পৰা ১৫ জুলাইলৈ প্রতিদিনে ২০ হাজাৰ লোকক পৰীক্ষা কৰা হয়৷ ফলত এমাহতে ৪,৪৫,৮৪৪জন লোকৰ ক’ভিড পৰীক্ষা সম্পন্ন হয়৷
আনহাতে, ব্যক্তিগত লেবৰেটৰীত ক’ভিড পৰীক্ষাৰ বাবদত পূর্বে ব্যয় হৈছিল ৪,৫০০ টকা৷ এই ব্যয়ৰ পৰিমাণ ২,৪০০ টকালৈ হ্রাস কৰা হয়৷ ১৪ জুনলৈ দিল্লীত ক’ৰোনা আক্রান্তৰ বাবে খালী থকা বিছনাৰ সংখ্যা আছিল ৯,৯৩৭খন৷ এই সংখ্যা ১৫ জুলাইৰ পাছত ৩০ হাজাৰলৈ বৃদ্ধি কৰা হয়৷ ইয়াৰে ৫০৩টা ৰে’লৰ দবাত ৮ হাজাৰ বিছনা, সেনা, চি আৰ পি এফৰ জৰিয়তে ১,০০০ বিছনা যোগাৰ কৰা হয়৷ আনহাতে, আই টি বি পিয়ে ১০ হাজাৰ বিছনাৰ ব্যৱস্থা কৰে৷ ইফালে, ১৫ জুনৰ পূর্বে ভেণ্টিলেচন নোহোৱাকৈ আই চি ইউত থাকিলে ব্যয় হৈছিল ৪৩ হাজাৰ৷ এই ব্যয় ১৩ হাজাৰৰ পৰা ১৫ হাজাৰলৈ হ্রাস কৰা হ’ল৷ তদুপৰি আই চি ইউ আৰু ভেণ্টিলেচনত থকা ৰোগীৰ ব্যয় প্রতিদিনে ৫৪ হাজাৰৰ পৰা ১৮ হাজাৰলৈ হ্রাস কৰা হ’ল৷ দিল্লী চৰকাৰক কেন্দ্রীয় চৰকাৰে এই সময়ছোৱাত ৫০০ অক্সিজেন চিলিণ্ডাৰ, ৪৪০টা ভেণ্টিলেটৰ, ১০ হাজাৰ অক্সিমিটাৰ আৰু এম্বুলেঞ্চৰ সংখ্যা বৃদ্ধি কৰিলে৷ দিল্লীৰ ঘৰে ঘৰে ক’ৰোনা পৰীক্ষা কৰিবলৈ গঠন কৰা হ’ল বিশেষ টীম৷ এই কার্যসূচীত ৭৫৫জন স্বাস্থ্য সেৱক, ২৮টা এন জি অ’ আদিয়ে অংশ লৈ ঘৰে ঘৰে স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰে৷
আনহাতে, হোম আইছ’লেচনৰ ক্ষেত্রত বিশেষ ব্যৱস্থা গ্রহণ কৰি চিকিৎসালয়ৰ পৰিৱর্তে লক্ষণ নথকা লোকক আইছ’লেচন হৈ থাকিবলৈ অনুমতি দিয়া হ’ল৷ দিল্লীৰ নির্দিষ্ট এলেকা তথা অঞ্চলত নির্মাণ কৰা হ’ল ক’ভিড চেণ্টাৰ৷ যাৰ দ্বাৰা আক্রান্তসকলক পৰীক্ষা তথা চিকিৎসা প্রদান কৰিব পৰা যায়৷ দিল্লীৰ জটিল পৰিৱেশৰ মাজত ক’ৰোনাত আক্রান্ত হৈ মৃত্যু হোৱা লোকৰ শেষকৃত্য সম্পন্ন হোৱাৰ ক্ষেত্রত যথেষ্ট সমস্যা সৃষ্টি হৈছে৷ কিন্তু শেহতীয়াকৈ এই সমস্যা আঁতৰ কৰি ক’ভিডত মৃত্যু হোৱা লোকৰ প্রট’কল অনুসৰি শেষকৃত্য সম্পন্ন কৰা হৈছে৷