নাইজেৰিয়াত ১২ প্রতিবাদকাৰীক হত্যা
নিয়মীয়া বাৰ্তা, ২২ অক্টোবৰঃ আফ্রিকান ৰাষ্ট্র নাইজেৰিয়াৰ বৃহত্তম মহানগৰ লাগ’ছত প্রতিবাদকাৰী জনতাৰ ওপৰত সেনাই চলোৱা নির্বিচাৰ গুলীবর্ষণৰ ফলত ১২গৰাকী লোক নিহত হোৱাৰ লগতে অন্য কেইবাডজনো আহত হৈছে৷
এই ঘটনাক কেন্দ্র কৰি বিশ্বজুৰি সৃষ্টি হৈছে চাঞ্চল্য৷ উল্লেখনীয় যে আৰক্ষীৰ এটা গোটৰ নৃশংসতাৰ বিৰুদ্ধে প্রায় দুই সপ্তাহ ধৰি মহানগৰখনত জনতাই প্রতিবাদী কার্যসূচী গ্রহণ কৰি আহিছে৷ প্রত্যক্ষদর্শীয়ে প্রতিবাদকাৰী জনতাৰ ওপৰত সেনাই চলোৱা গুলীত ১২গৰাকী লোক নিহত হোৱা বুলি উল্লেখ কৰিছে যদিও লাগ’ছৰ গৱর্নৰগৰাকীয়ে এই কথা অস্বীকাৰ কৰিছে৷
ইফালে, আন্তর্জাতিক মানৱ অধিকাৰ সংস্থা এমনেষ্টীয়ে সেনাৰ নৃশংস আক্রমণত কেইবাগৰাকীও লোক নিহত হোৱাৰ তথ্য থকা বুলি ঘোষণা কৰিছে৷ বর্তমান ভংগ কৰি দিয়া আৰক্ষীৰ স্পেচিয়েল এণ্টি ৰ’বাৰী স্কোৱাড (এছএআৰএছ)ৰ নৃশংসতাৰ বিৰুদ্ধে সাধাৰণ জনতাই প্রতিবাদ সাব্যস্ত কৰি আহিছে লাগ’ছত৷
প্রতিবাদকাৰী জনতাৰ ওপৰত সেনাই গুলীবর্ষণ কৰাৰ পিছতে লাগ’ছত ২৪ ঘণ্টীয়া সান্ধ্য আইন জাৰি কৰিছে প্রশাসনে৷ বিবিচিৰ তথ্য অনুসৰি মহানগৰখনত অব্যাহত আছে উত্তপ্ত অৱস্থা৷