গুজৰাটত ২২০০ যুৱক–যুৱতীৰ সমূহীয়া বিবাহ
নিয়মীয়া বাৰ্তা ১০ ফেব্ৰুৱাৰীঃ গুজৰাটৰ আহমেদাবাদত কালি সমূহীয়া এক বিবাহ অনুষ্ঠানত যুগ্ম জীৱনত আবদ্ধ হয় ২২০০ যুৱক–যুৱতী৷ এই যুৱক–যুৱতীসকলৰ্ ভিতৰত হিন্দুৰ উপৰি মুছলমান সম্প্রদায়ৰ যুৱক–যুৱতীও আছে৷ উল্লেখ্য যে এক ন্যাসে এই সমূহীয়া বিবাহ অনুষ্ঠানৰ আয়োজন কৰিছিল৷ বিবাহপাশত আবদ্ধ হোৱা নৱদম্পতীবোৰক বিভিন্ন ধৰণৰ উপহাৰো প্রদান কৰা হয়৷ এই বিবাহপাশত আবদ্ধ হোৱা এগৰাকী কইনা মহম্মাদি বানুৱে উল্লেখ কৰিছে যে ইয়াৰ জৰিয়তে দুখীয়া পৰিয়ালৰ যুৱক–যুৱতীসকল উপকৃত হৈছে৷ এনেধৰণৰ বিবাহ অনুষ্ঠান আয়োজন কৰাৰ ক্ষমতা নাই দুখীয়া পৰিয়ালবোৰৰ৷ গতিকে এই সমূহীয়া বিবাহ অনুষ্ঠানে বিত্তীয় সামর্থ্য নথকা যুৱক–যুৱতীসকলক্ সকাহ দিয়া বুলি বানুৱে সন্তুষ্টি প্রকাশ কৰিছে৷ স্মর্তব্য যে গুজৰাটৰ বিভিন্ন চহৰত প্রতিবছৰে এনেদৰে আয়োজন কৰি অহা হৈছে সমূহীয়া বিবাহ অনুষ্ঠান৷ এইক্ষেত্রত বিভিন্ন প্রতিষ্ঠান তথা ব্যক্তিয়ে সহায়–সহযোগিতা আগবঢ়াই আহিছে৷