নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৫০ দেশত হ’ব ইস্কন মন্দিৰ আক্রমণৰ প্রতিবাদ

নিয়মীয়া বাৰ্তা ২০ অক্টোবৰঃ এটা দশকৰ পিছত ধর্মীয় সংঘ্যালঘু হিন্দুৰ ওপৰত ভয়াৱহ আক্রমণ চলিছে বাংলাদেশত৷ দশকটোৰ ভিতৰত জঘন্যতম হিন্দুৰ ওপৰত কট্টৰপন্থী ইছলাম মৌলবাদী দুর্বৃত্তই চলোৱা আক্রমণক লৈ দেশখনত চেপা উত্তেজনা অব্যাহত আছে৷ দুর্গা পূজা উদ্যাপনৰ সময়ৰে পৰা বাংলাদেশত হিন্দুৰ মঠ–মন্দিৰৰ লগতে সম্প্রদায়টোৰ লোকৰ ওপৰত চলোৱা মুছলিম দুর্বৃত্তৰ আক্রমণত ১১জন লোকে প্রাণ হেৰুওৱাৰ লগতে ৮ শতাধিক লোক আহত হৈছে৷ ইপিনে, ইস্কন মন্দিৰ লণ্ডভণ্ড কৰি দুজন ভক্তক মুছলিম দুর্বৃত্তই হত্যা কৰিছে৷ যোৱা দেওবাৰে নিশা মুছলিম দুর্বৃত্তই হিন্দু সম্প্রদায়ৰ ৬৬টা বাসগৃহ লণ্ডভণ্ড কৰাৰ লগতে ২৯টাত অগ্ণিসংযোগ কৰিছে৷ এই উত্তেজনাময় পৰিস্থিতি অব্যাহত থকাৰ সময়তে মুছলিম দুর্বৃত্তৰ বিৰুদ্ধে ৭১ গোচৰ ৰুজু কৰি ৪৫০জন লোকক গ্রেপ্তাৰ কৰিছে বাংলাদেশ আৰক্ষীয়ে৷ আৰক্ষীৰ মুখপাত্রই প্রকাশ কৰা মতে, হিন্দুৰ ওপৰত চলোৱা আক্রমণ আৰু মঠ–মন্দিৰ লণ্ডভণ্ড কৰা সন্দর্ভত তদন্ত ক্ষিপ্রতৰ কৰি তোলা হৈছে৷ ইতিমধ্যে ৪৫০জন দুর্বৃত্তক গ্রেপ্তাৰ কৰি সোধা–পোছা কৰি থকা হৈছে৷

এই ঘটনা সন্দর্ভত ৰাষ্ট্রসংঘৰ বাংলাদেশস্থিত আৱাসিক সমন্বয়ক মীৰা ছেপ্পোই টুইটযোগে কয় যে বাংলাদেশত হিন্দুৰ ওপৰত শেহতীয়া আক্রমণ ছ’চিয়েল মিডিয়াত প্রচাৰিত ঘৃণাসূচক মন্তব্যৰ পৰা বৃদ্ধি পাইছে৷ এয়া সংবিধানৰ প্রমূল্যৰ বিৰুদ্ধে৷ গতিকে শীঘ্রেই বন্ধ কৰা উচিত৷ আনপিনে বাংলাদেশৰ প্রধানমন্ত্রী শ্বেখ হাছিনাই হিন্দু সম্প্রদায়ৰ ওপৰত চলা আক্রমণৰ লগত জড়িত দুর্বৃত্তৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্রহণ কৰিবলৈ গৃহমন্ত্রীক নির্দেশ দিছে৷ ধর্মৰ নামত হিংসাত্মক কার্যকলাপ সংঘটিত কৰা আৰু উচটনি দিয়া যিকোনো ব্যক্তিৰ বিৰুদ্ধে আইনী ব্যৱস্থা ল’বলৈ গৃহমন্ত্রীক নির্দেশ দিছে প্রধানমন্ত্রীগৰাকীয়্৷

উল্লেখ্য যে ইস্কনৰ মন্দিৰত মুছলিম দুর্বৃত্তই আক্রমণ কৰি মন্দিৰ লণ্ডভণ্ড কৰাৰ লগতে দুই ভক্তক হত্যা কৰা ঘটনাৰ প্রতিবাদ হিচাপে অহা ২৩ অক্টোবৰত বিশ্বৰ ১৫০খন দেশত প্রতিবাদী কার্যসূচী গ্রহণ কৰিব ইস্কনে৷ ইস্কনৰ কলকাতাৰ উপ–সভাপতি ৰাধাৰাম দাসে প্রকাশ কৰা মতে, হিন্দু সম্প্রদায়ৰ ওপৰত বাংলাদেশত চলা আক্রমণৰ প্রতিবাদ হিচাপে ২৩ অক্টোবৰত দিনজোৰা কার্যসূচীৰে ১৫০খন দেশত ইস্কনে প্রতিবাদ সাব্যস্ত কৰিব৷ বিশ্বৰ ১৫০খন দেশত থকা ইস্কনৰ কার্যালয়ত এই প্রতিবাদী কার্যসূচী গ্রহণ কৰা হ’ব৷ প্রসংগক্রমে উনুকিয়াব লাগিব যে ২০০৯ চনত প্রধানমন্ত্রী শ্বেখ হাছিনাৰ আৱামী লীগ পার্টী শাসনলৈ অহাৰ পিছত দেশখনত হিন্দুৰ ওপৰত ভয়াৱহ আক্রমণ চলিছে৷ সংবিধানত দেশৰ ধর্ম ইছলাম বুলি নির্ধাৰিত কৰা হৈছে যদিও দেশখনত ধর্মনিৰপেক্ষতাক প্রাধান্য দি আহিছে৷ ইছলাম ধর্মপ্রধান দেশখনত বর্তমান হিন্দু ধর্মাৱলম্বী লোকৰ সংখ্যা প্রায় ১০ শতাংশ৷ সাম্প্রদায়িক সংঘর্ষক লৈ উত্তেজনা চলি থকাৰ মাজতে আজি শাসকীয় আৱামী লীগে দেশখনৰ প্রান্তে প্রান্তে সম্প্রীতি সমদল উলিয়ায়৷

You might also like