সাগৰীয় জলৰাশি প্ৰভাৱিত হ’ব ক’ৰোনাৰ বাবে
নিয়মীয়া বাৰ্তা, ৩১ ডিচেম্বৰঃ ২০২০ বৰ্ষটো আছিল ক’ৰোনাৰ বিভীষিকাৰে ভৰা। কিন্তু এই কাল ক’ৰোনাৰ মাজেৰে বিশ্ব জলবায়ুলৈও আহিছে সমস্যা। বাতৰি সংস্থা ৰীয়েল ৱৰ্ল্ড নিউজৰ প্ৰতিবেদন অনুসৰি, ক’ৰোনাৰ সময়ত ব্যৱহূত প্ৰায় ১৫০ কোটি মাস্কে এতিয়া সামুদ্ৰিক পৰিস্থিতি তন্ত্ৰকো প্ৰভাৱিত কৰিব বুলি ধাৰণা কৰা হৈছে।
ক’ৰোনা ভাইৰাছৰ বাবে এই বছৰত বিশ্বজুৰি প্ৰায় ৫,২০০ কোটি মাস্ক প্ৰস্তুত কৰা হৈছিল। ইয়াৰে ৩ শতাংশ মাস্ক বিভিন্ন মাধ্যমৰ জৰিয়তে সমুদ্ৰত পৰিব বুলি ব্যক্ত কৰা হৈছে। প্ৰতিবেদনখনত কোৱা হৈছে যে প্ৰতিখন মাস্কৰ ওজন ৩ বা ৪ গ্ৰাম বুলি ধৰিলে ৩ শতাংশ মাস্কৰ ওজন ৬৮০০ টনৰো বেছি হ’ব আৰু ই বিলুপ্ত হোৱাৰ বাবে সময় লাগিব ৪৫০ বছৰ।
এইদৰে প্লাষ্টিক প্ৰদূষণৰ সমস্য়া জলস্তৰত পুনৰ বাঢ়িব বুলি আশংকা কৰা হৈছে। এইক্ষেত্ৰত জনসচেতনতাৰ বাবে মাস্ক পিন্ধিবলৈ লগাই থোৱা ফিটা গুচাইহে ইয়াক ডাষ্টবিনত পেলোৱাৰ পৰামৰ্শ দিয়া হৈছে।