১০০ কোটি শিক্ষার্থীৰ ভৱিষ্যতলৈ আহিছে সংকট
ক’ভিড–১৯এ সৃষ্টি কৰা দুর্যোগক লৈ উদ্বিগ্ণ ৰাষ্ট্রসংঘৰ সচিবপ্রধান গুটেৰেছ
নিয়মীয়া বাৰ্তা ৫ আগষ্টঃ বিশ্বজুৰি ক’ভিড–১৯ৰ সংক্রমণত প্রতিৰোধ লগাবলৈ শিক্ষানুষ্ঠানবোৰ বন্ধ কৰি থোৱাৰ ফলত ১০০ কোটি শিক্ষার্থীৰ ওপৰত প্রতিকূল প্রভাৱ পৰিব৷ ৰাষ্ট্রসংঘৰ সচিবপ্রধান এণ্টনি’ গুটেৰেছে আজি উল্লেখ কৰিছে যে ক’ৰোনা ভাইৰাছ মহামাৰীয়ে শৈক্ষিক ইতিহাসত আটাইতকৈ বৃহৎ বিপর্যয় সৃষ্টি কৰিছে৷ ১৬০খনতকৈ অধিক দেশত বন্ধ হৈ আছে বিদ্যালয়বোৰ৷ জুলাইৰ মাজভাগলৈ বেছিভাগ দেশতেই শিক্ষানুষ্ঠান বন্ধ হৈ থকাৰ ফলত ১০০ কোটিতকৈ অধিক শিক্ষার্থীৰ ভৱিষ্যতলৈ নামি আহিছে অন্ধকাৰ৷ ইয়াৰ উপৰি ৪০ নিযুত শিক্ষার্থীয়ে বিশ্বজুৰি শিক্ষাবর্ষ আৰম্ভ হোৱাৰ পূর্বেই বিদ্যালয়ৰ মজিয়া স্পর্শ কৰাৰ পৰা বঞ্চিত হৈছে৷ গুটেৰেছৰ মতে এয়া এক ভয়াৱহ বিপর্যয়৷ মানুহৰ মেধা শক্তিৰ অভাৱনীয়ভাৱে অপচয় ঘটিব বুলি আশংকা কৰিছে বিশ্বৰ সর্বোচ্চ সংস্থাটোৰ মুৰব্বীগৰাকীয়ে৷ ইয়াৰ ফলত কেইবাদশকলৈ প্রগতিৰ ক্ষেত্রত সৃষ্টি হ’ব প্রত্যাহ্বান৷ আনফালে অর্থনৈতিক বৈষম্য বৃদ্ধি পাব৷ আনকি মহামাৰীৰ পূর্বেই গুটেৰেছে বিশ্বত ২৫ কোটি শিশু বিদ্যালয়ৰ বাহিৰত থকা বুলি ঘোষণা কৰিছিল৷ শৈক্ষিক ক্ষেত্রত এক ভয়াৱহ সংকট চলি থকা বুলি ক’ভিড–১৯ মহামাৰীৰ পূর্বেই গুটেৰেছে উল্লেখ কৰাৰ পাছত শেহতীয়াকৈ ইউনেস্ক’ আৰু কেইবাটাও সহযোগী সংস্থাই আশংকা কৰিছে যে বিশ্বৰ ১৮০খন দেশত প্রাক্ প্রাথমিকৰ পৰা বিশ্ববিদ্যালয় পর্যায়লৈ প্রায় ২৪ নিযুত শিক্ষার্থীৰ শিক্ষা আধাতে বন্ধ হৈ পৰিব৷ একমাত্র ক’ভিড–১৯এ এই দুর্যোগ কঢ়িয়াই অনা বুলি ইউনেস্ক’ৰ তৰফৰ পৰা ঘোষণা কৰা হৈছে৷ লক্ষণীয়ভাৱে আমেৰিকাকে ধৰি কেইখনমান দেশত শিক্ষানুষ্ঠান পর্যায়ক্রমে মুকলি কৰাৰ সিদ্ধান্ত লোৱা হৈছে যদিও চলিত বর্ষটোত বিশ্বৰ শৈক্ষিক জগতত অভাৱনীয় সংকটৰ মোকাবিলা কৰাটো সকলো দেশৰ বাবেই তীব্র প্রত্যাহ্বান হ’ব বুলি বিভিন্ন সংস্থাই সতর্কবাণী কৰি আহিছে৷