ক’ভিড–১৯ত আক্রান্ত প্রথমটো পোহনীয়া কুকুৰৰ মৃত্যু
নিয়মীয়া বাৰ্তা ১ আগষ্টঃ আমেৰিকা যুক্তৰাষ্ট্রত ক’ভিড–১৯ত আক্রান্ত হোৱা প্রথমটো পোহনীয়া কুকুৰৰ মৃত্যু ঘটিছে৷ নেচনেল জি’গ্রাফিক মেগাজিনত প্রকাশিত তথ্য মতে, মানুহৰ লেখীয়াই লক্ষণবিশিষ্ট ক’ৰোনাত আক্রান্ত হোৱা পোহনীয়া কুকুৰটো যোৱা এপ্রিল মাহত অসুস্থ হোৱাৰ পাছত দুমাহৰ অন্তত মৃত্যু ঘটিছে৷ উল্লেখ্য যে সাত বছৰীয়া জার্মান ছেফার্ড কুকুৰটোৰ মালিকৰো ক’ভিড–১৯ পজিটিভ হৈছিল৷ কিন্তু মালিকজন এই ভাইৰাছৰ পৰা সুস্থ হৈছে৷ এপ্রিলত কুকুৰটোৰ নাকেৰে পানী ওলোৱাৰ লগতে উশাহ–নিশাহত কষ্ট হোৱাত চিকিৎসকৰ সৈতে যোগাযোগ কৰি চিকিৎসাৰ ব্যৱস্থা কৰে৷ চিকিৎসকে কুকুৰটো ক’ভিড–১৯ত আক্রান্ত হোৱা বুলি নিশ্চিত কৰে৷ দুমাহ ধৰি চিকিৎসা চলালেও পোহনীয়া কুকুৰটোৰ মৃত্যু হয়৷ নিউয়র্কৰ ৰবার্ট মাহ’নি নামৰ লোকজনৰ আছিল এই ক’ভিড–১৯ত আক্রান্ত হৈ মৃত্যু ঘটা কুকুৰটো৷