নয়দাত ২০ হাজাৰ প্রব্রজিত শ্রমিকক সংস্থাপন অভিনেতা ছনু ছুদৰ
প্রবাসী ৰোজগাৰ আঁচনিৰ অধীনত মহানুভৱতাৰ অন্যতম নিদর্শন
নিয়মীয়া বাৰ্তা ২৫ আগষ্টঃ বলীউডৰ অভিনেতা ছনু ছুদে ২০ হাজাৰ প্রব্রজিত শ্রমিকক নয়দাত আত্মসংস্থাপনৰ সুবিধা দিয়ে৷ লকডাউনৰ সময়ত মহাৰাষ্ট্রত আবদ্ধ হৈ থকা প্রব্রজিত শ্রমিকসকলক নিজ ৰাজ্যলৈ ওভতাই দেশজুৰি চর্চিত অভিনেতা ছনু ছুদৰ প্রব্রজিত শ্রমিকক লৈ মানৱ কল্যাণ প্রশংসনীয়৷ নিজৰ ধন ব্যয় কৰি লকডাউনৰ সময়ত ভয়াৱহ পৰিস্থিতিৰ মাজত জীৱন কটোৱা কেইবাশ প্রব্রজিত শ্রমিকক নিজ নিজ ৰাজ্যলৈ ওভতাই পঠাইছিল অভিনেতাগৰাকীয়ে৷ এই অভিনেতাগৰাকীয়ে অসমলৈও বিমানেৰে শ্রমিকক ওভতাই পঠাইছিল৷ আজি ৪৭ বছৰীয়া অভিনেতাগৰাকীয়ে প্রবাসী ৰোজগাৰ আঁচনিৰ জৰিয়তে উত্তৰ প্রদেশৰ নয়দাত বস্ত্র উদ্যোগত ২০ হাজাৰ প্রব্রজিত শ্রমিকক সংস্থাপনৰ সুবিধা প্রদান কৰা বুলি ঘোষণা কৰিছে৷ উল্লেখ্য যে অভিনেতাগৰাকীয়ে সংস্থাপন বিচৰা প্রব্রজিত শ্রমিকক সহায় কৰাৰ বাবে এপ এটি মুকলি কৰিছিল৷ সেই এপৰ জৰিয়তেই শ্রমিকসকলৰ আহ্বানক সফল কৰিছে অভিনেতাগৰাকীয়ে৷