নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমেৰিকা–ব্রিটেইনৰ তিনি বিজ্ঞানীলৈ চিকিৎসাৰ ন’বেল বঁটা

নিয়মীয়া বাৰ্তা ৬ অক্টোবৰঃ  হেপাটাইটিছ–চি ভাইৰাছ আৱিষ্কাৰৰ বাবে ২০২০ বর্ষৰ চিকিৎসা বিজ্ঞানৰ ন’বেল বঁটা আগবঢ়োৱা হৈছে তিনি বিজ্ঞানীলৈ৷ বিশ্বৰ সর্বোচ্চ সন্মান চিকিৎসাৰ ন’বেল লাভ কৰা এই তিনিগৰাকী বিজ্ঞানীৰ ভিতৰত দুগৰাকী হৈছে আমেৰিকা যুক্তৰাষ্ট্র আৰু এগৰাকী ব্রিটিছ বংশোদ্ভৱ বিজ্ঞানী৷ ছুইডেনৰ ৰাজধানী ষ্ট’কহোমৰ কাৰ’লিনস্কা ইনষ্টিটিউটত এখন সংবাদ মেলযোগে চিকিৎসা বিজ্ঞানৰ ন’বেল বঁটা ঘোষণা কৰে ন’বেল কমিটীয়ে৷ কমিটীৰ মুৰব্বী থমাছ পার্লমানে ঘোষণা কৰা মতে, হেপাটাইটিছ–চি ভাইৰাছ আৱিষ্কাৰক এই তিনি বিজ্ঞানী হৈছে আমেৰিকাৰ হার্ভি জে অল্টাৰ আৰু চার্লছ এম ৰাইচ৷ আনগৰাকী হৈছে ব্রিটিছ বংশোদ্ভৱ মাইকেল হ’গটন৷ ১৯৩৫ চনত নিউয়র্কত জন্মলাভ কৰা বিজ্ঞানী হার্ভি জে অল্টাৰে বেথেছডাৰ ইউ এছ নেচনেল ইনষ্টিটিউট অৱ হেল্থত কার্যনির্বাহ কৰি আছে৷ আনপিনে কেলিফ’র্নিয়াৰ ছাক্রামেণ্টত ১৯৫২ চনত জন্মলাভ কৰা চার্লছ এম ৰাইচে ছেণ্ট লুইচৰ ৱাশ্বিংটন বিশ্ববিদ্যালয়ত হেপাটাইটিছক লৈ গৱেষণা কৰাৰ পাছত সম্প্রতি নিউয়র্কৰ ৰ’কফেলাৰ বিশ্ববিদ্যালয়ত কর্মৰত হৈ আছে৷ ন’বেল বঁটা বিজয়ী তৃতীয়গৰাকী বিজ্ঞানী মাইকেল হ’গটন গ্রেট ব্রিটেইনত ১৯৫০ চনত জন্মলাভ কৰে আৰু কেলিফ’র্নিয়াৰ চিৰণ কর্প’ৰেচনত অধ্যয়ন কৰাৰ পাছত কানাডাৰ এলবার্টা বিশ্ববিদ্যালয়লৈ গৈ তাতেই গৱেষণা চলায়৷ ন’বেল বঁটাৰ ৬টা শিতানৰ ভিতৰত আজি প্রথমটো চিকিৎসা বিজ্ঞানৰ বঁটা ঘোষণা কৰে ন’বেল কমিটীয়ে৷ কমিটীয়ে পর্যায়ক্রমে পদার্থ, ৰসায়ন, সাহিত্য, শান্তি আৰু অর্থনীতিৰ ন’বেল বঁটা ঘোষণা কৰিব৷ উল্লেখ্য যে ছুইডেনৰ বিজ্ঞানী আলফ্রেড ন’বেলৰ স্মৃতিত ১২৪ বছৰ পূর্বৰে পৰা এই ন’বেল বঁটা প্রদান কৰি অহা হৈছে৷ বঁটাটোত ১০ মিলিয়ন ছুইডিছ ক্র’নৰ (১১১৮০০০ মার্কিন ডলাৰ) আছে৷

You might also like