নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কোৱাৰেণ্টাইন চেণ্টাৰত অকলেই ১০ জনৰ খাদ্য খোৱা এজন যুৱকক লৈ বিপাঙত ৰান্ধনি; পিচে ক’ত ?

নিয়মীয়া বাৰ্তা, ২৮ মেঃ ক’ৰোনা ভাইৰাছ প্ৰতিৰোধৰ বাবে প্ৰতিখন ৰাজ্যই বহিঃৰাজ্যফেৰৎ লোকসকলক নিজ ৰাজ্যত কোৱাৰেণ্টাইন চেণ্টাৰত পৃথকে ৰখাৰ ব্যৱস্থা কৰিছে । য’ত তেওঁলোকৰ খোৱা খাদ্যৰ লগতে প্ৰয়োজনীয় সকলো বস্তুৰে যোগান চৰকাৰৰ ফালৰ পৰা ধৰা হৈছে ।

দেশৰ বিভিন্ন ঠাইৰ বিভিন্ন কোৱাৰেণ্টাইন চেণ্টাৰসমূহ খাদ্য অথবা লেতেৰা পৰিৱেশৰ বাবে চৰ্চালৈ আহিছে । কিন্তু বিহাৰৰ এটা কোৱাৰেণ্টাইন চেণ্টাৰ এজন যুৱকৰ বাবেহে এতিয়া দেশজুৰি চৰ্চালৈ আহিছে ।

দৰাচলতে, এই বিশেষ কোৱাৰেণ্টাইন চেণ্টাৰটোত পৃথকে থকা অনুপ ওজা নামৰ ২১ বছৰীয়া যুৱকজনে অত্যাধিক খোৱাৰ বাবে দেশজুৰি চৰ্চালৈ আহিছে ।

অনুপে অত্যাধিক খোৱা বুলি তেতিয়া গম পোৱা গ’ল, যেতিয়া কোৱাৰেণ্টীন চেণ্টাৰত এদিন ৮৫ টা ৰুটি অকলেই গ্ৰহণ কৰিলে । উল্লেখ্য যে ৪০-৫০ টা ৰুটি আৰু ১০-২০ প্লেট ভাত খোৱা তেওঁৰ বাবে তেনেই সাধাৰণ কথা । অকল কোৱাৰেণ্টীন চেণ্টাৰতেই নহয়, অনুপে দৈনিক নিজ ঘৰতো এনেদৰেই খাদ্য গ্ৰহণ কৰে । গাঁওৱাসীৰ মতে, পূৰ্বে অনুপে এবাৰত ১০০ টা চিঙৰা খোৱাৰো উদাহৰণ আছে ।

আন এক খবৰ অনুসৰি, বিহাৰৰ মংঝবাৰী স্কুলত থকা এই কোৱাৰেণ্টীন চেণ্টাৰটোত ৮৭ জন বহিঃৰাজ্যফেৰৎ লোকক ৰখা হৈছে । কিন্তু দৈনিক তাত ১০০ জন লোকৰ বাবে আহাৰ প্ৰস্তুত হয় । কিয়নো অনুপে অকলেই খাই প্ৰায় ১০ জন লোকৰ খাদ্য ।

আনহাতে, কোৱাৰেণ্টীন চেণ্টাৰটোৰ কৰ্তৃপক্ষই জনোৱা মতে, অনুপক খাদ্য যোগান ধৰাত তেওঁলোকৰ কোনো আপত্তি নাই, কিন্তু তেওঁৰ বাবে এনেদৰে দৈনিক খাদ্য প্ৰস্তুত কৰাতহে চেণ্টাৰটোৰ ৰান্ধনিসকলে আপত্তি দৰ্শাইছে । যাৰ বাবে এতিয়া বিপাঙত পৰিছে কোৱাৰেণ্টীন চেণ্টাৰটোৰ কৰ্তৃপক্ষ ।

You might also like