নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশত অপচয় ২৩ শতাংশ ক’ভিড ভেকচিন

নিয়মীয়া বাৰ্তা, ২২ এপ্রিলঃ ক’ভিড–১৯ ভেকচিনৰ নাটনি হোৱা বুলি কেইবাখনো ৰাজ্যই কেন্দ্রীয় চৰকাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰাৰ সময়তে দেশজুৰি ২৩ শতাংশ ক’ভিড ভেকচিন অপচয় হোৱাৰ তথ্য পোহৰলৈ আহিছে৷

তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত ৰাষ্ট্রীয় সংবাদ মাধ্যমে প্রকাশ কৰা অনুসৰি, ১১ এপ্রিললৈকে দেশজুৰি ব্যৱহূত হোৱা ভেকচিনৰ ভিতৰত ২৩ শতাংশ অপচয় হৈছে৷ আৰ টি আইৰ তথ্যত প্রকাশ পোৱা মতে ১১ এপ্রিললৈকে ১০.৩৪ কোটি ভেকচিন ড’জ ব্যৱহাৰ কৰা হৈছে যদিও ৪৪.৭৮ লাখ ভেকচিন ড’জ অপচয় হৈছে৷

দেশৰ ৰাজ্যসমূহৰ ভিতৰত ভেকচিন অপচয়ৰ শীর্ষত আছে তামিলনাডু, হাৰিয়ানা, পঞ্জাব, মণিপুৰ আৰু তেলেংগানা৷ আনপিনে এটাও ভেকচিন ড’জ অপচয় নোহোৱা ৰাজ্যকেইখন হৈছে– কেৰালা, পশ্চিমবংগ, হিমাচল প্রদেশ, মিজোৰাম, গোৱা, দমন আৰু ডিউ, আন্দামান নিকোবৰ দ্বীপপুঞ্জ আৰু লাক্ষাদ্বীপ৷

তামিলনাডুত ১২.১০ শতাংশ, হাৰিয়ানাত ৯.৭৪ শতাংশ, পঞ্জাবত ৮.১ শতাংশ, মণিপুৰত ৭.৮ শতাংশ আৰু তেলেংগানাত ৭.৫৫ শতাংশ ক’ভিড ভেকচিন অপচয় হৈছে৷ মন কভিলগীয়া যে মহাৰাষ্ট্র, পঞ্জাব আৰু দিল্লী চৰকাৰে ভেকচিন প্রদানত কেন্দ্রীয় চৰকাৰে বৈষম্য কৰা বুলি অভিযোগ উত্থাপন কৰি আহিছে৷

You might also like