নিয়মীয়া বাৰ্তা, ৯ জুনঃ ৰাজস্থানত দৈনিক বৃদ্ধি পাইছে ক’ৰোনাত আক্ৰান্তৰ সংখ্যা । ইয়াৰ সমান্তৰালকৈ ৰাজধানী জয়পুৰত পোহৰলৈ আহিছে এক উদ্বেগজনক ঘটনা । জয়পুৰৰ সুভাষ চকত আজি পুৱা একে পৰিয়ালৰ ২৬ গৰাকী সদস্যৰ দেহত ক’ৰোনা পজিটিভ পোৱা বুলি পোহৰলৈ আহে ।
৭ দিন পূৰ্বে পোৱা গৈছিল প্ৰথমজন আক্ৰান্ত লোক-
জয়পুৰৰ CMHO হাস্পতালৰ চিকিৎসক নৰোত্তম শৰ্মাই কয়- সাত দিন পূৰ্বে সেই স্থানত এজন লোকৰ দেহত ক’ৰোনাৰ অৱস্থিতি পোৱা গৈছিল । আমি তাক আইছ’লেট কৰিছিলো আৰু তেওঁৰ পৰিয়ালৰ সকলো সদস্যৰে নমুনা পৰীক্ষা কৰা হৈছিল । ইপিনে সোমবাৰে এই পৰিয়ালটোৰ সকলো সদস্যৰে ক’ভিড টেষ্টৰ ফলাফল আহে । য’ত সকলো সদস্যৰে ক’ৰোনা পজিটিভ পোৱা যায় । বৰ্তমান পৰিয়ালটোৰ সদস্যকেই হাস্পতালত ভৰ্তি কৰোৱা হৈছে ।
Seven days back, a person had tested positive for #COVID19. We isolated the patient & took samples of all 26 members of the patient’s family. Last night their report came & all have tested positive. They have been shifted to a hospital: Dr Narottam Sharma, CMHO Jaipur #Rajasthan pic.twitter.com/gBRR2KFd6Y
— ANI (@ANI) June 9, 2020