কর্মস্থলীলৈ উভতিছে ২৯ শতাংশ প্রব্রজিত শ্রমিক
নিয়মীয়া বাৰ্তা ৪ আগষ্টঃ মহামাৰী ক’ভিড–১৯ সৃষ্ট পৰিস্থিতিৰ বাবে নিজ গৃহৰাজ্যলৈ প্রব্রজিত শ্রমিকসকলে পূর্বৰ কর্মস্থলী চহৰলৈ ওভতা প্রক্রিয়া আৰম্ভ কৰিছে৷ ইতিমধ্যে ২৯ শতাংশ প্রব্রজিত শ্রমিক কর্মস্থলীলৈ উভতি আহিছে৷ লকডাউনৰ সময়ত নিজ গাঁৱলৈ উভতি যোৱা ৭৪ শতাংশ প্রব্রজিত শ্রমিকৰ ভিতৰত ৪৫ শতাংশই এতিয়াও গাঁৱতে থাকি চহৰলৈ উভতি যোৱাৰ মন মেলিছে যদিও এই শ্রমিকসকল ভৱিষ্যতক লৈ উদ্বিগ্ণ হৈ আছে৷ আগাখান ৰুৰেল ছাপ’ট প্রগ্রেম (ইণ্ডিয়া) এক্সন ফৰ ছ’চিয়েল এডভান্সমেণ্ট, ৰার্নিং ছাহাৰা, আই–সক্ষম, প্রদান, ছাথি–আপ, চেষ্টা, সেৱা মন্দিৰ, ট্রেন্সফর্ম ৰুৰেল ইণ্ডিয়া ফাউণ্ডেচনৰ সৈতে বিকাশ অন্নেশ ফাইণ্ডেচন আৰু সম্বোধিয়ে চলোৱা সমীক্ষাত এই তথ্য প্রকাশ পাইছে৷ উল্লেখ্য যে লকডাউনৰ ফলত ১১খন ৰাজ্যৰ প্রব্রজিত শ্রমিকৰ ওপৰত অধিক নেতিবাচক প্রভাৱ পৰিছে৷ তাৎপর্যপূর্ণ যে কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰৰ জনকল্যাণমূলক আঁচনিৰ বাবে একাংশ প্রব্রজিত শ্রমিকে নিজ গৃহৰাজ্যতে থাকি কর্মসংস্থাপনক প্রাধান্য দিব বুলিও সমীক্ষাত প্রকাশ পাইছে৷ ৰাজহুৱা বিতৰণ ব্যৱস্থা, উজ্জ্বলা যোজনাকে ধৰি বিভিন্ন ক্ষেত্রত পৰিয়ালৰ লোকে চৰকাৰৰ পৰা খাদ্যকে ধৰি বিভিন্ন সামগ্রী লাভ কৰি থকাৰ বাবে পূর্বৰ কর্মস্থলীলৈ উভতি নাযায় একাংশ প্রব্রজিত শ্রমিক৷