‘হোলীকা দহন’ত বিহাৰত জীৱন্তে জ্বলিল ৩ শিশু
নিয়মীয়া বাৰ্তা, ৩০ মাৰ্চঃ ক’ভিড–১৯ মহামাৰীৰ বাবে হোলী উৎসৱ ৰাজহুৱাকৈ পালন কৰাৰ ক্ষেত্রত বিভিন্ন ৰাজ্যৰ চৰকাৰ তথা কেন্দ্রীয় শাসিত অঞ্চলসমূহে নিষেধাজ্ঞা আৰোপ কৰা সত্ত্বেও এই নিষেধাজ্ঞা বহু ৰাজ্যত উলংঘা হৈছে৷
হোলীৰ সৈতে সংগতি ৰাখি বিহাৰত পালন কৰা ‘হোলীকা দহন’ উৎসৱত অংশগ্রহণ কৰা একেটা পৰিয়ালৰে তিনি শিশুৰ মৃত্যু হোৱাৰ পিছত সমগ্র ৰাজ্যখনত সৃষ্টি হৈছে চাঞ্চল্য৷
বৌদ্ধ গয়াত হোলীকা দহনত অংশগ্রহণ কৰা এই শিশু তিনিটা জীৱন্তে জ্বলে বুলি সংবাদ পৰিৱেশন কৰিছে ‘লাইভ হিন্দুস্তানে’৷ এই ঘটনাৰ পিছতে হোলী কা দহন কিয় ৰাজহুৱাকৈ আয়োজন কৰা হ’ল তাক লৈ চলিছে সৰৱ চর্চা৷