নিয়মীয়া বাৰ্তা, ২২ অক্টোবৰঃ কেন্দ্রীয় চৰকাৰৰ কর্মচাৰী আৰু পেন্সনাৰলৈ দীপাৱলীৰ উপহাৰ৷ বৃহস্পতিবাৰে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্রীয় কেবিনেটে কেন্দ্রীয় চৰকাৰৰ কর্মচাৰী আৰু পেন্সনাৰৰ মৰগীয়া বানচ তিনি শতাংশ বৃদ্ধিত অনুমোদন জনায়৷
বর্তমানৰ কর্মচাৰীৰ বেছিক পে’ আৰু পেন্সনৰ ২৮ শতাংশৰ পুনৰ অতিৰিক্ত তিনি শতাংশ বৃদ্ধিত অনুমোদন জনোৱা মৰগীয়া বানচৰ এই বৃদ্ধি ২০২১ চনৰ ১ জুলাইৰ পৰা বলৱৎ হ’ব৷ মোদী কেবিনেটৰ এই অনুমোদনৰ পাছত দেশজুৰি কেন্দ্রীয় চৰকাৰৰ কর্মচাৰী ৪৭.১৪ লাখ আৰু পেন্সনাৰ ৬৮.৬২ লাখ লাভান্বিত হ’ব৷ কেবিনেটৰ এই সিদ্ধান্তত প্রতিবছৰে চৰকাৰৰ অতিৰিক্তকৈ ৯,৪৮৮ কোটি টকা ব্যয় হ’ব৷
উল্লেখ্য যে যোৱা জুলাই মাহত কেন্দ্রীয় চৰকাৰে চৰকাৰী কর্মচাৰী আৰু পেন্সনাৰৰ মৰগীয়া বানচ ১৭ শতাংশৰ পৰা ২৮ শতাংশলৈ বৃদ্ধি কৰিছিল৷ মৰগীয়া বানচ হৈছে চৰকাৰী কর্মচাৰী আৰু পেন্সনাৰক দৰমহাৰ অংশ হিচাপে প্রদান কৰি অহা এক প্রক্রিয়া৷ ২০২০ চনৰ জানুৱাৰীৰ পৰা এই মৰগীয়া বানচ সংশোধন কৰা হোৱা নাছিল৷
মোদী কেবিনেটে দীপাৱলীৰ প্রাক্মুহূর্তত উপহাৰ হিচাপে কেন্দ্রীয় চৰকাৰৰ কর্মচাৰী আৰু পেন্সনাৰলৈ ৩ শতাংশ মৰগীয়া বানচ বৃদ্ধি কৰিলে৷ উল্লেখ্য যে সপ্তম কেন্দ্রীয় দৰমহা আয়োগৰ অনুমোদনমর্মে কেন্দ্রীয় কেবিনেটে মৰগীয়া বানচ বৃদ্ধিৰ সিদ্ধান্ত গ্রহণ কৰে৷