নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কোৱাৰেণ্টাইন কেন্দ্ৰতে শাৰীৰিক সম্পর্ক স্থাপন; গর্ভৱতী হ’ল ৩ গৰাকী মহিলা, কিন্তু ক’ত ?

নিয়মীয়া বাৰ্তা, ২৩ জুলাইঃ ঝাৰখণ্ডৰ ৰাঁচীত এটা কোৱাৰেণ্টাইন কেন্দ্ৰত তবলীগি জামাতৰ ৩ গৰাকী মহিলা গৰ্ভৱৰ্তী হোৱাৰ খবৰ পোহৰলৈ অহাৰ পাছতে সৰ্বত্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । যাৰ পাছতে ৰাঁচীৰ জিলা উপায়ুক্তই চাবি ৰঞ্জনে এই ঘটনাৰ তদন্ত ঘোষণা কৰে ।

কোৱাৰেণ্টাইন কেন্দ্ৰটোত শাৰীৰিক দূৰত্ব নীতি কিয় পালন কৰা নহ’ল লগতে সেই কেন্দ্ৰটোৰ পৰিচালনাৰ দায়িত্বত থকা লোকসকলে কিয় ইয়াৰ ওপৰত গুৰুত্ব আৰূপ নকৰিলে তাৰ ওপৰত তদন্ত কৰিবলৈ নিৰ্দেশ দিছে ।

উল্লেখ্য যে, লকডাউনৰ নীতি উলংঘনৰ বাবে তবলীগি জামাত ১৭ জন বিদেশী নাগৰিকৰ ওপৰত ৰাঁচীৰ হিন্দপীড়ী থানাত গোচৰ ৰুজু হৈ আছে । এই গোচৰৰ ভিত্তিতে সকলো সদস্যকে গ্ৰেপ্তাৰ কৰা হৈছিল আৰু পাছত ৩০ মাৰ্চৰ পৰা সকলোকেইজন লোক সেই কোৱাৰেণ্টাইন কেন্দ্ৰটোত আছিল । পাছত ২০ মে’ৰ দিনা সকলো সদস্যক কাৰাগাৰলৈ পথোৱা হয় যদিও উচ্চ ন্যায়ালয়ে তেওঁলোকক জামিন মঞ্জুৰ কৰে ।

ইপিনে ইয়াৰ পাছতে ৩ গৰাকী মহিলা এমাহৰ গৰ্ভৱতী বুলি চিনাক্ত হয় । কিন্তু বিগত ৫০ দিন ধৰি সকলোকেইজন সদস্য কোৱাৰেণ্টাইন কেন্দ্ৰতে থকাৰ খবৰে তেওঁলোকে কোৱাৰেণ্টাইন কেন্দ্ৰতে যে শাৰীৰিক সম্পর্ক স্থাপন কৰিছিল সেয়া স্পষ্ট হয় ।

ঝাৰখণ্ড উচ্চ ন্যায়ালয়ৰ এগৰাকী অধিবক্তাই জনোৱা মতে, মহিলাকেইগৰাকীয়ে কোৱাৰেণ্টাইন কেন্দ্ৰত থকাৰ সময়তে গৰ্ভধাৰণ কৰাৰ বাবে তেওঁলোক ৩ গৰাকীৰ লগতে পুৰুষসকলৰ ওপৰত Epidemic Disease Act -2020 ৰ উলংঘনৰ অপৰাধত ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা ২ অধীনত গোচৰ ৰুজু হ’ব । লগতে সেই কোৱাৰেণ্টাইন কেন্দ্ৰটোৰ দায়িত্বত থকা বিষয়াজনৰ ওপৰতো গোচৰ ৰুজু হ’ব ।

You might also like